ডিজিটেল ডেস্কঃ মানৱীয়াতাক ধুলিস্যাৎ কৰা এক হৃদয়বিদাৰক ঘটনা সম্প্ৰতি ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। এজন ব্যক্তি বাইকৰ সৈতে অগ্নিদগ্ধ হোৱাৰ পিছতো ছটফটাই থকা লোকজনক সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো ব্যক্তি। বৰঞ্চ ম’বাইলেৰে ৰেকৰ্ডিং কৰাৰ বাবেহে প্ৰত্যক্ষদৰ্শীয়ে থমকি ৰ’ল। 

এনে এক হৃদয়বিদাৰক ঘটনা ঘটিছে মহাৰাষ্ট্ৰৰ ৰাজপথত। ঘটনাৰ বিৱৰণি মতে দুখন বাইকৰ মাজত হোৱা মুখা-মুখী সংঘৰ্ষত দুয়োজন আৰোহীয়েই আঘাতপ্ৰাপ্ত হয় যদিও কেনেবাকৈ এখন বাইকৰ তলত পৰি ৰ’ল এজন আৰোহী। 

বাইকখন জুই লগাত বাইকসহ আৰোহীজনো অগ্নিদগ্ধ হয়। ৰাষ্ট্ৰীয় ঘাইপথত ঘটা এই ঘটনা সকলোৱে দেখি থাকিল যদিও কোনো থমকি নৰ’ল সহায়ৰ বাবে। দুই-এজনে ৰ’ল যদিও কেৱল ম’বাইলত দৃশ্য আবদ্ধ কৰাতহে ব্যস্ত হোৱা দেখা গ’ল তেঁওলোকক। 

গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা ব্যক্তিজনক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই যদিও বাহনখনৰ পঞ্জীয়ন পাৰভানীত হোৱা বুলি জনায়। বাইকত মদ অনাৰ বাবে এনে হ’ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।