ডিজিটেল ডেস্কঃ ৰাজহুৱা স্থানত প্ৰস্ৰাৱ নকৰিবলৈ কোৱাৰ বাবেই এজন যুৱকে প্ৰাণ হেৰুৱাবলগা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ৰাজধানী চহৰ দিল্লীত।

দিল্লীৰ উত্তৰ-পশ্চিমাঞ্চলত ই-ৰিক্সাৰ পাৰ্কিং এটেণ্ডেণ্ট ৰবিন্দ্ৰ কুমাৰে দুজন লোকক পাৰ্কিঙত প্ৰস্ৰাৱ কৰি থকা দেখি বাধা দিব যোৱাতো যে মাৰাত্মক হ’ব পাৰে, সেই কথা হয়তো কল্পনাই কৰিব নোৱাৰি।

কিন্তু নৃশংসতাৰ শেষ নাই। ৰবিন্দ্ৰৰ এই কথাত খৰ্গহস্ত হৈ পৰা লোক দুজনে 'তোক চাই ল’ম’ বুলি কৈ তাৰ পৰা আঁতৰি যায়।

কিন্তু গধুলি পুনৰাই সেই স্থানত উপস্থিত হয় সদল-বলে। তাৰ পিছত নৃংশসভাবে মৰিয়াই মাৰে ৰবিন্দ্ৰক। শনিবাৰৰ এই ঘটনাৰ পিছতে স্থানীয় হস্পিতালত ৰবিন্দ্ৰৰ ভাতৃ বীজেন্দৰে ভৰ্তি কৰায় যদিও মৃত্যুৰ সৈতে যুঁজি হাৰ মানে যুৱকজনে।

চাক্ষুস প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে দুৰ্বৃত্তকেইজনৰ অনুসন্ধান আৰম্ভ কৰিছে বুলি জেষ্ঠ আৰক্ষী বিষয়া সুৰিন্দৰ কুমাৰে জানিবলৈ দিছে।