মুৰেনাঃ দিল্লীৰ এখন হোটেলৰ ডেলিভাৰী মেন মধ্যপ্ৰদেশৰ মুৰেনা জিলাৰ ৰণবীৰ। জীৱনত সকলো প্ৰায় ঠিকেঠাকেই আছিল। কৰ’না আহি খেলিমেলি লগাই দিলে গোটেইখন। ২১ দিনৰ লকডাউন। ইমান দীঘলীয়া সময় কাম নকৰাকৈ কটাবলৈ ৰণবীৰৰ হাতত জমাধন বুলিবলৈ একোৱেই নাছিল। দিনটো ডেলিভাৰী দিয়াৰ বাবদ যি ধন পাইছিল তাৰেই নিজেই চলিছিল আৰু ৰৈ যোৱাখিনি ঘৰলৈ পঠিয়াই দিছিল। 

দিল্লীৰ পৰা তেওঁৰ নিজৰ গাঁও মুৰেনাৰ বড়ফৰালৈ দূৰত্ব ৩২৬ কিলোমিটাৰ। কৰ’নাই সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ পিছত তেওঁৰ হাতত আছিল দুটা অপশ্যন। প্ৰথমটো হৈছে ২১ দিন কোনোমতে দিল্লীতে থকা। দ্বিতীয়তে ৩২৬ কিলোমিটাৰ খোজকাঢ়ি ঘৰলৈ যোৱা। প্ৰথমটো অপশ্যন তেওঁৰ বাবে মুঠেই সহজ নাছিল। কিয়নো যিখন হোটেলত তেওঁ আছিল সেইখন বন্ধ হৈ পৰিছিল। দিল্লীৰ দৰে মহানগৰীত তেওঁৰ দৰে এজন সাধাৰণ লোকক বিনা পইছাত ২১ টাকৈ দিন আশ্ৰয় দিবলৈ আগবাঢ়ি অহা লোকৰো অভাৱ আছিল। সেয়ে শেষ মুহূৰ্তত দ্বিতীয়টো পথ বাছি লৈ আৰম্ভ কৰিছিল পদযাত্ৰা।

২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম

দিল্লীত ২১ দিন থাকিবলৈ চেষ্টা কৰিও বিফল হোৱাত শুকুৰবাৰে বিয়লি ৩ বজাত কেইজনমান বন্ধুৰ সৈতে খোজকাঢ়িয়েই ঘৰমুৱা হৈছিল ৰণবীৰ। আৰক্ষীৰ লাঠিৰ কোব, উপৰ্যুপৰি প্ৰশ্ন আদিৰ মাজেৰে খোজকাঢ়ি খোজকাঢ়ি আগবাঢ়িছিল তেওঁলোকৰ দলটো। সন্ধিয়া ৬ মান বজাত খবৰটো জনাইছিল মুৰেনা জিলাৰ অম্বাহলৈ বিয়া দিয়া ভনীয়েক পিংকিক। 

গোটেই নিশা খোজকাঢ়ি ভাগৰি পৰিছিল ৰণবীৰ আৰু তেওঁৰ বন্ধুসকল। মাজতে দুই-এছোৱা ঠাই টেম্প, ট্ৰাক আদিতো উঠিছিল। এনেকৈ অধিকাংশ ঠাই খোজকাঢ়ি শনিবাৰে পুৱা দিল্লীৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বৰ আগ্ৰাৰ ছিকন্দৰা থানাৰ অন্তৰ্গত এখন ঠাইত উপস্থিত হৈছিল তেওঁলোক। তাতেই পুৱা প্ৰায় ৬ মান বজাত গাটো ভাল নলগাত ৰণবীৰে অলপ ৰৈ দিছিল আৰু লগত অহাসকল আগবাঢ়ি গৈছিল। 

পুৱা প্ৰায় ৬.৩০ বজাত কিমান পালে জানিবলৈ ৰণবীৰলৈ ভনীয়েক পিংকিয়ে পুনৰ ফোন কৰে। কিন্তু তেতিয়া ফোনটো আন এজন লোকে ৰিচিভ কৰি জনাইছিল যে ৰণবীৰ আৰু এই পৃথিৱীত নাই। লগে লগে লৰা-ঢপৰাকৈ তেওঁলোকে আগ্ৰাত উপস্থিত হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ বড়ফৰা গাঁৱলৈ নি অন্তিম সৎকাৰৰ ব্যৱস্থা কৰে। পৰিয়ালৰ লোকসকলে ভোক আৰু পিয়াহত ৰণবীৰৰ মৃত্যু হোৱা বুলি জনাইছে। আনহাতে মৰণোত্তৰ পৰীক্ষাত মৃত্যুৰ কাৰণ হাৰ্টএটেক পোৱা হোৱাৰ কথা সদৰী কৰিছে ছিকন্দৰা থানাৰ বিষয়া কুলদ্বীপ সিঙে।

ভনীয়েকক কৈছিল, কাইলৈ মুৰেনা পাই যাম

ৰণবীৰে শেষবাৰৰ বাবে মোবাইলত ভনীয়েকক কৈছিল যে তেওঁ ফৰিদাবাদ আহি পাইছে আৰু কাইলৈ মুৰেনা পাব। অম্বাহ নামৰ ঠাইলৈ বিয়া দিয়া ভনীয়েক পিংকীলৈ ফোন কৰিছিল শুকুৰবাৰৰ সন্ধিয়া ৬ বজাত। ফোনত কৈছিল, 'পিংকী আমি খোজকাঢ়ি ঘৰলৈ গৈ আছো। এতিয়া ফৰীদাবাদ পাইছো। কাইলৈ মুৰেনা পাই যাম। চিন্তা নকৰিবি।’ পিংকিয়ে কোৱা মতে ঘৰত মাক আৰু পত্নীয়ে খোজকাঢ়ি অহাৰ কথা গম পালে চিন্তা কৰি থাকিব বুলি ভাবি সেয়া নজনাবলৈকো অনুৰোধ জনাইছিল। 

পিংকিৰ স্বামীৰ এগৰাকী ভাতৃয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে ৰণবীৰৰ গাঁও বড়ফৰা পোৱাৰ আগতে তেওঁলোকৰ অম্বাহৰ ঘৰ পোৱা যায়। সেয়ে ৰণবীৰক পিংকিয়ে অম্বাত এপাক সোমাই জিৰণি ল’বলৈ কৈছিল। গা বেয়া লগা বুলি জনোৱাত পিংকিয়ে কিবা এটা ব্যৱস্থা কৰাৰ কথা কৈছিল যদিও ৰণবীৰে সকলো ঠিক হৈ যোৱাৰ আশ্বাস দিছিল বুলিও জনায় আত্মীয়জনে। কিন্তু গা ঠিক নহ’ল, বৰং পুৱাই আহিল মৃত্যুৰ দুসংবাদ।

ঘৰত আছে ৩ সন্তানসহ পত্নী আৰু মাতৃ

লকডাউনত খোজকাঢ়ি ঘৰলৈ আহোতে মৃত্যুক সাবতি লোৱা ৰণবীৰৰ বড়ফৰাৰ গাঁৱৰ ঘৰত আছে বৃদ্ধা মাক, পত্নী মমতা, দুই কন্যা গীতা, আৰাধ্য আৰু পুত্ৰ অংশু। পৰিয়ালৰ পোহপাল দিবলৈকে ৩ বছৰ পূৰ্বে গাঁও এৰি দিল্লীলৈ গৈছিল ৰণবীৰ। দিল্লীত হোটেল এখনত ডেলিভাৰী মেন হিচাপে কাম কৰি পোৱা পইছাৰে চলাই গৈছিল ঘৰ-সংসাৰ। শনিবাৰে সন্ধিয়া যেতিয়া ৰণবীৰৰ মৃতদেহ বড়ফৰা গাঁৱৰ বাসগৃহ পাইছিল তেতিয়া সমগ্ৰ গাঁওখনতে বিৰাজ কৰিছিল এক শোকাকূল পৰিৱেশ। কৰ’নাক লৈ সৃষ্টি হোৱা আতংকৰ মাজতে ৰণবীৰৰ  মৃতদেহ চোতালত দেখি কান্দি কান্দি একপ্ৰকাৰ মূৰ্ছা গৈছিল পত্নী, বৃদ্ধা মাক আৰু ৩ সন্তান।