গুৱাহাটীঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতা &TVৰ Voice India Kidsৰ প্ৰথম স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা মানসী চহৰীয়াই মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। পৰিয়ালৰ লোকৰ সৈতে অসম বিধান সভাৰ সচিবালয়ত মুখ্যমন্ত্ৰী সোণোৱালে মানসীক সম্বৰ্ধনা জনোৱাৰ লগতে ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷

&TVৰ Voice India Kidsৰ মুল প্ৰতিযোগিৰ বিজয়ী অসম সন্তান মানসীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে মুখ্যমন্ত্ৰীয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা মানসীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতা &TVৰ Voice India Kidsৰ প্ৰথম স্থান লাভ কৰে। 

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী তথা দৰঙৰ উদমাৰী গাঁৱৰ মানসী চহৰীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত সকলোৰে হৃদয়-মন জয় কৰি কিছুদিন পূৰ্বে নিজ গৃহলৈ আহিছিল। যাদুকৰি কন্ঠৰে একাধিক প্ৰতিযোগিক পিছ পেলাই 'ভইচ অৱ কিডছ' প্ৰতিযোগিতাত চূড়ান্ত খিতাপ অৰ্জন কৰা মানসীক বৰঝাৰ বিমান বন্দৰৰ পৰা বিভিন্ন দল-সংগঠন আদৰি আনিছিল।