newsnextone.comতেজপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২নং গুদামঘাটত মানশিৰি নদীৰ ব্যাপক গৰাখহনীয়া সৃষ্টি হৈছে। গৰাখহনীয়াই ২ নং গুদামঘাট গাঁওৰ শতাধিক পৰিয়াললৈ কঢ়িয়াই আনিছে তীব্ৰ শংকা। উল্লেখ্য যে গাওঁখনৰ কাষেৰে বৈ যোৱা মানশিৰি নদীয়ে বহু বছৰ ধৰি গাঁওখনত খহনীয়াৰ সৃষ্টি কৰি অহাৰ ফলত গড়কাপ্তানি পথত যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি কৰিছে।

গাওঁখনৰ কণ কণ শিশুসকলে মৰণক শৰণ দি একাঁঠু পানীৰ মাজেৰে পাৰ হৈ বিদ্যালয়লৈ অহা-যোৱা কৰাৰ লগতে গাওঁবাসী ৰাইজেও এনেদৰেই যাতায়ত কৰিবলগীয়া হৈছে। এনে সমস্যা দূৰিকৰণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ ৰাইজে অনুনয় বিনয় কৰাৰ পাছতো আজি পৰ্য্যন্ত কিন্ত্ত  খবৰ এটা লবলৈও আহৰি পোৱা নাই বিভাগীয় কৰ্তৃপক্ষই।

নদী খনৰ এনে খহনীয়াই নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ। আনহাতে ৰঙাপৰা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসকো এই ক্ষেত্ৰত গাওঁবাসী ৰাইজে অৱগত কৰিছিল যদিও কেৱল মাত্ৰ সান্তনা দিয়ে দ্বায়িত্ব সামৰি থোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে।