ৰায়পুৰঃ চত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত মঙলবাৰে ৬২ মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। দেশৰ বাওঁপন্থাত বিশ্বাসী উগ্ৰপন্থী নিয়ন্ত্ৰণত এয়া চৰকাৰৰ বৃহৎ সাফল্য হিচাপে পৰিগনিত হৈছে।

বাছাৰ আৰক্ষীৰ মহাপৰিদৰ্শক বিবেকানন্দ সিনহা আৰু নাৰায়ণপুৰৰ অৰক্ষী অধিক্ষক জীতেন্দ্ৰ শুক্লাৰ উপস্থিতিত মাওবাদীসকলে মূল সুঁতিলৈ ঘূৰি অহাৰ লগতে ঘৰুৱাভাৱে নিৰ্মিত ৫১ টা বন্দুক জমা দিয়ে।

আত্মসমৰ্পণ কৰা উগ্ৰপন্থীসকলে কুটুল আঞ্চলিক সমিতিৰ অধীনত কাম কৰিছিল।
ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ আগে আগে ইমান বৃহৎ সংখ্যক মাওবাদীৰ আত্মসমৰ্পণ চৰকাৰৰ বাবে এক সাফল্য হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে ৰাজ্যখনত যোৱা পাঁচ বছৰৰ ভিতৰত চলিত বছৰতে মাওবাদীৰ আক্ৰমণত সৰ্বাধিক ৪৩ জন লোক নিহত হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যৰ আৰক্ষী বিভাগক অভিনন্দন জনাই কয় যে মাওবাদীয়ে একেলগে এনেদৰে আত্মসমৰ্পণ কৰা কাৰ্যই বি জে পি চৰকাৰৰ অধীনত পৰিস্থিতি উন্নত হোৱাতোকে সূচাইছে।