ৰায়পুৰঃ চত্তীচগড়ৰৰ বিজাপুৰ জিলাত বৃহস্পতিবাৰে সংঘতিত এক বৃহৎ সংঘৰ্ষত অতি কমেও ১০ জন মাওবাদী নিহত হয়৷ ঘটনাস্থলীৰপৰা আৰক্ষীয়ে ১১টা মৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ইন্দ্ৰৱতি নৈৰ পাৰৰ অভুঝমাদ নামৰ অঞ্চলটোত দিনৰ ১১ বজাত এই সংৰ্ঘৰ সূত্ৰপাত হয়৷ উল্লেখ্য যে যোৱা শনিবাৰে ৰাজ্যখনৰ চুকমা জিলাত চি আৰ পি এফ আৰু মাওবাদীৰ গুলীয়াগুলীৰ মাজত পৰি এগৰাকী মহিলাৰ নিহত হোৱাৰ লগতে আন এজন লোক আহত হৈছিল৷