মুম্বাইঃ মহাৰাষ্ট্ৰত মাৰাঠাসকলে লাভ কৰিব আৰক্ষণৰ সুবিধা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনাভিছে কয় যে মাৰাঠাসকল সামাজিক আৰু শিক্ষাগতভাৱে পিছপৰা বাবে তেওঁলোকে চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত আৰক্ষণৰ সুবিধা লাভ কৰিব।

যোৱা আগষ্টত মাৰাঠাসকলে আৰক্ষণৰ দাবীত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে চৰকাৰে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছিল আৰু এয়াৰ পৰামৰ্শাৱলীৰ ভিত্তিতে এতিয়া চৰকাৰে মাৰাঠাসকলৰ বাবে আৰক্ষণৰ ব্যৱস্থা হাতত লৈছে। 

উল্লেখ্য যে মাৰাঠাসকল দেশৰ আন আন প্ৰান্তৰ লোকৰ আগ্ৰাসনৰ বলি হৈছে বুলি বহু দিনৰপৰা অভিযোগ উত্থাপন হৈ আহিছে। 

সমিতিৰ অনুমোদন অনুসৰি মাৰাঠাসকলে লাভ কৰিবলগীয়া সুবিধাই অন্যান্য পিছপৰা জাতিৰ বাবে থকা শতাংশৰ ভাগ (quota)ত কোনো প্ৰভাৱ নেপেলায়৷

জানিবলগীয়া যে মহাৰাষ্ট্ৰত ৩২ শতাংশ মাৰাঠা লোক আছে আৰু ইয়াৰে ২৫ শতাংশই পিছপৰা শ্ৰেণীৰ বৈশিষ্ট পূৰণ কৰে৷

এই স্দ্ধান্ত কৰ্যকৰি কৰিবৰ বাবে চৰকাৰে সদনৰ আগন্তুক শীতকালীন অধিৱেশনত ‘সামাজিক আৰু শিক্ষাগতভাৱে পিছপৰা’ শ্ৰেণী নাম অন্তৰ্ভুক্তিৰে এখন নতুন বিধেয়ক উত্থাপন কৰিব৷