newnextone.com| মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা বিদুৎ উপসংমণ্ডলৰ অধিনস্থ ১ নং মাকুম পথাৰৰ পাইনাৰ মিলস্থিত এলেকাত আজি এজন শাৰিৰীক ভাৱে বাধাগ্ৰস্ত যুৱক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই চাঞ্চ্যলকৰ সৃষ্টি কৰিছে৷ যুৱক জনৰ নাম বিনোদ বড়ো (১৮) ঘৰ ১ নং মাকুম পথাৰত৷ আজি পুৱা যুৱকজনে নিজ ঘৰৰ পৰা বাহিৰলৈ বুলি ওলাই অহাৰ অৱস্থাতেই মাটিত পৰি থকা এডাল বিদুৎ পৰিবাহী তাৰত বিদ্যুৎ স্পৃষ্ট হৈ অকাল মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়৷ 

জানিব পৰা মতে বিগত বহু দিন ধৰি তাঁৰডাল মাটিত পৰি আছিল যদিও বিদুৎ বিভাগৰ কোনো কৰ্মচাৰীৰ দৃষ্টি গোচৰ নহ’ল৷  অৰ্থাৎ বিদ্যুৎ বিভাগৰ অমনোযোগিতাৰ পৰিণতিতেই যুৱক জনে এনেদৰে অকাল মৃত্যু আকোঁৱালি লব লগা হ’ল বুলি স্থানীয় সূত্ৰে প্ৰকাশ কৰিছে৷ দিনক দিনে বিদুৎ বিভাগৰ গাফিলতিৰ ফলতেই এনে নানাধৰণৰ নিৰাশজনক মৃত্যুৰ বিষয়ে সংবাদত প্ৰকাশ পাইছে৷ উল্লেখ্য যে বৰ্তমান মৃতদেহ মাৰ্ঘেৰিটা আৰক্ষীয়ে চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷