newsnextone.com| মৰিয়নীঃ শীতৰ অাগমনৰ লগতে ৰাজ্যত ক্ৰমাৎ পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে৷ তাৰ ব্যতিক্ৰম নহয় মৰিয়নীও৷ যোৱা নিশা মৰিয়নী গিৱন অভয়াৰণ্যৰ পৰা উলাই অহা হাতীৰ এটা যাকে কাটনীবাৰি, ছৈকতা, ধপাতবাৰি, বিজয়পুৰ, শিলিখা, খৰিকটীয়া আদিকে ধৰি এটা বৃহৎ অঞ্চলত উপদ্ৰৱ চলায়৷

উৰে নিশাটো স্থানীয় ৰাইজে অনিদ্ৰাৰে কটাই বুলি জানিবলৈ দিয়ে৷ আঞ্চলিক বন বিভাগৰ কৰ্মীসকলে নিশাৰ ভাগত বনৰীয়া হাতীৰ জাকটো খেদি পথাই যদিও হাতীৰ বৃহৎ জাকে হৰেণ বণিয়া নামৰ এজন লোকৰ বাস গৃহ ভাঙি অনিষ্ট কৰি যায়৷ লগতে বহু সংখ্যক লোকৰ খেতি পথাৰৰ ধান খাই নষ্ট কৰে৷

এতিয়া পুনৰ সন্ধিয়া হোৱাৰ লগতে ৰাইজৰ মাজত আতংকই বিৰাজমান৷ কোন সময়ত পুনৰ হাতীৰজাক তেওঁলোকৰ চোতালত উপস্থিত হয় তাৰ কোনো ধাৰণা কৰিব নোৱাৰি৷ যাৰ বাবে স্থানীয় ৰাইজে আগতীয়াকৈ সজাগ হৈ আছে বুলি জানিব পৰা যায়৷