newsnextone.com| মৰিয়নীঃ এইবাৰ মৰিয়নীত ৰাইজে হানি খুঁচি হত্যা কৰিলে এটা বৃহৎকাৰৰ অজগৰ সাপ। মৰিয়নীৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী চেলেং চাহ বাগিচাৰ সমীপত এটা অজগৰ সাপে ছাগলী ভক্ষণ কৰি বাগিছাখনৰ মাজত জিৰনি লৈ থকা অৱস্থাত দেখা পাই স্থানীয় একাংশ লোকে অজগৰ সাপডালক ধৰি আনি এডাল ৰচীৰে বান্ধি হানি খুঁচি মৰিয়াই মৰিয়াই হত্যা কৰে। 

আনহাতে অজগৰটোৰ মূৰত এডাল ৰচীৰে বান্ধি গৰু ছাগলী এৰাল দি থোৱাৰ দৰে ৰখাৰ লগতে পিছত লোকসকলে অজগৰটোৰ পেট ফালি মৃত ছাগলীটো বাহিৰ কৰি আনে। স্থানীয় লোকে জানিবলৈ দিয়া মতে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অজগৰ টোৱে পশুধন খাই সন্ত্ৰাস চলাই আহিছিল। আনকি ইয়াৰ পিচতে অজগৰটো লোকসকলে ভক্ষন কৰে বুলি জানিব পৰা গৈছে। 

ঘটনাক্ৰমে অজগৰে নিজৰ পেটৰ তাড়নাত নিজৰ ভোক গুচায়৷ আনহাতে অন্য দৃশ্যত গাৱঁৰ একাংশই লোভত অজগৰক ভক্ষণ কৰা জানিব পৰা যায়৷ অৱশেষত এই ঘটনাটোৱে প্ৰকৃতিপ্ৰেমী লোকসকলক সচকিত কৰাৰ লগতে স্পষ্টৰূপত গাৱবাসীৰ উদং ছবি প্ৰতিফলিত কৰে৷