প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ বিয়াঘৰ বুলিলেই আপোনাৰ মনলৈ আহে আনন্দৰ কথা৷ কিন্তু বিয়াঘৰত যেতিয়া হাঁহি,ফুৰ্টিৰ ঠাইত যেতিয়া মৃত্যুয়ে কিৰিলি পাৰে, সেই পৰিস্থিতি কিমান শোকাকূল হ'ব পাৰে সেয়া নেদেখিলে ক'ব নোৱাৰি৷ অনুকুল ঘটনা সংঘটিত হৈছে ৰাজস্থানত।এক দুৰ্ঘটনাত বিয়াঘৰতে মৃত্যুক সাৱটি ল’লে বহুজনে৷

প্ৰবল ধুমুহাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা৷ দৰা অহাৰ মুহুৰ্ততে প্ৰৱল ধুমুহাৰ ফলত বিদ্যুৎ বিচ্ছিন্ন হয় পৰে অঞ্চলটোত৷ সেই সময়তে দেৱাল ভাঙি মৃত্যু হয় প্ৰায় ২৫ জন লোকৰ৷ ধ্বংসস্তুুপৰ মাজৰ পৰা উদ্ধাৰ হয় ২৫টা নিথৰ দেহ৷

তদুপৰি আহত হৈছে প্ৰায় ২৮ জন লোক৷ ৰাতি এই ঘটনা সংঘটিত হোৱা বাবে উদ্ধাৰ কাৰ্য চলাব পৰা নগ’ল৷ দিনতহে সম্ভৱ হয় এই উদ্ধাৰ কাৰ্য৷ আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷