anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ পূবৰ বক্সিঙৰ ৰাণী এম চি মেৰিকমো আহিল সংসদৰ বৰ্ষাকলীন অধিবেশনলৈ৷ ৰাজ্যসভাৰ মনোনিত সদস্য হিচাপে নিৰ্বাচিত হোৱা বুধবাৰৰ পৰা আৰম্ভ হোৱা বৰ্ষাকালীন অধিবেশনত হাতত বেগলৈ সংসদত প্ৰৱেশ কৰা দেখা যায় মেৰিক৷ মেৰিয়ে সংবাদ মাধ্যমৰ সন্মুখত ফটোৰ বাবে থিয়ও দিয়ে৷

তিনিটা সন্তানৰ মাতৃ হৈয়ো বক্সিঙত আজিও দপদপাই আছে বক্সিঙৰ ৰাণী মেৰী কমে৷ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মেৰী৷ সংসদৰ বৰ্ষাকালীন অধিবেশন বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে৷ ১৮ দিন চলিবলগীয়া অধিবেশনত তিনি তালাক, পিছপৰা শ্ৰেণীৰ আয়োগৰ সাংবিধানিক মৰ্যদা দিয়াকে ধৰি কেইবা খনো বিধেয়ক চৰকাৰে উত্থাপন কৰিব পাৰে৷ 

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদলৈ আহি মিডিয়াৰ মুখামুখী হৈ চৰকাৰ প্ৰতিটো বিষয় আলোচনা কৰিবলৈ সাজু আছে বুলি কৈছিল৷ দেশৰ হিতৰ বাবে সকলো চৰ্চা কৰিবলৈ ৰাজনৈতিক দল সমূহক আহ্বানো জনাই মোডীয়ে৷ কিন্তু বৰ্ষাকালীন অধিবেশনো উত্তপ্ত হৈ পৰাৰ আশংকা কৰা হৈছে৷