চাবুৱাঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিয়ে শনিবাৰে চাবুৱা চাৰিআলিত মটক জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্রী জুৱেল ওৰামৰ প্ৰতিমূতি দাহ কৰে৷

ৰাজ্য চৰকাৰক মটক ৰজা সৰ্বানন্দ সিংহৰ তিথিৰ দিনটো চৰকাৰী বন্ধ ঘোষণা অাৰু মটকৰ কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰা লগতে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী জনায় সংগঠনটোৱে৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাই কেন্দ্ৰীয় অাৰু ৰাজ্য চৰকাৰক ৬ জনগোষ্ঠীৰ জনজাতি কৰণৰ নামত ৰাজনীতি নকৰিবলৈ সকিয়নি প্ৰদান কৰে। 

ইয়াৰ লগতে অতিশীঘ্ৰে ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়৷ অন্যথা ৬ জনগোষ্ঠী ঐকবদ্ধ হৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অান্দোলন গঢ়ি তুলিম বুলি সকিয়াই দিয়ে ৷