ডিব্ৰুগড়ঃ ‘housing for all’ এই শ্ল’গানেৰে দেশৰ গৃহহীন লোকক একোটাকৈ ঘৰ দিয়াৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজানা নামৰ আঁচনি খন৷ পূৰ্বে এই আঁচনি খন ইন্দিৰা গান্ধীৰ নামত ইন্দিৰা আৱাস যোজনাৰ নামেৰে আছিল৷ ২০১৫ চনত আঁচনি খনক নতুন ৰূপত ৰূপায়ণ কৰে বিজেপি চৰকাৰে৷

পূৰ্বে হিতাধিকাৰীয়ে প্ৰতিটো ঘৰৰ বিনিময়ত ৭০ হাজাৰ টকা লাভ কৰিছিল যদিও প্ৰধানমন্ত্ৰী মোডী চৰকাৰে ১ লাখ ২০ হাজাৰ টকাৰে চৰকাৰে ঘৰ সজাই দিয়াৰ সিদ্ধান্ত লয়৷ কিন্তু আঁচনি অসমত কিমান সফল ভাবে ৰূপায়ণ হৈছে তাক লৈ বিচাৰ কৰাৰ সময় আহি পৰিছে৷ ৰাজ্যৰ এখন জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিব লাগিলে ১২-২০ হাজাৰ টকা দিব লগাৰ অভিযোগ উত্থাপন হৈছে৷

জিলা খন হৈছে উজনিৰ ডিব্ৰুগড় জিলা৷ যিখন জিলাৰ পৰা মুখ্যমন্ত্ৰীৰ গৃহ জিলা৷ ২০ হাজাৰ টকা দি চৰকাৰী ঘৰ লব লগা হোৱাৰ অভিযোগ উত্থাপন কৰিছে উজনি অসমৰ এটি জনগোষ্ঠীয় সংগঠনে৷ বিজেপি চৰকাৰৰ পৰা দুখীয়া লোকসকলে একোটা ঘৰ পাবৰ বাবে উপঢৌকন দিব লগা হয় ২০ হাজাৰ টকা৷ পৰিৱৰ্তনকামী বিজেপি চৰকাৰে সময়ে সময়ে ৰূপায়ণ কৰি আহিছে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি৷

সাধাৰণ জনতাৰ উন্নয়নৰ বাবে হাতত লোৱা বেছি সংখ্যক আঁচনিয়েই কাৰ্যকৰী নোহোৱাকৈয়ে পৰি ৰৈছে৷ প্ৰতিশ্ৰুতিৰ ফটা ঢোল বজাই যোৱা বাজেটত উত্থাপন কৰা অধিকাংশ আঁচনিয়ে কাৰ্যকৰী নোহোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে এই গুৰুতৰ অভিযোগ উত্থাপন হয়৷যি কেইখন আঁচনি বৰ্তমানলৈ ৰূপায়িত হৈছে সেইবোৰক লৈও বৰমূৰীয়াৰ বুজাবুজিত একাংশ লোকে খেলি কৰাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হয়৷

দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে নিৰ্মিত এখন উল্লেখনীয় আঁচনি হৈছে প্ৰধান মন্ত্ৰী আৱাস যোজনা৷ কেন্দ্ৰীয় চৰকাৰে দেশৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ বসবাস কৰা গৃহহীন লোকক গৃহ প্ৰদান কৰাৰ বাবে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আঁচনি ৰূপায়ন কৰে৷ কিন্তু অতি পৰিতাপৰ বিষয়, এই আঁচনিৰ সুযোগ লৈ এচাম লোকে শোষণ কৰি আহিছে দৰিদ্ৰ শ্ৰেণীক৷ হলৌ চোলা, পটলুং পিন্ধি ভব্য-গব্য দেখুওৱা একাংশ লোকেই চলাই আহিছে লুণ্ঠনৰাজ৷

জানিব পৰা মতে, অসমৰ তিনিচুকীয়া অাৰু ডিব্ৰুগড় জিলাত পঞ্চায়তৰ সভাপতি, অভিযন্তাৰ লগতে এচাম সুবিধাবাদী দালালে চলাই আহিছে দুখীয়াক ঘৰ দিয়াৰ নামত টকা ঘটাৰ তালি-বাজি৷ এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ ছাত্র পৰিষদে। বিশেষকৈ তিনিচুকীয়া পৌৰসভা অধীনত থকা কনিষ্ঠ অভিযন্তা কেশৱ চেতিয়াকে ধৰি পানীতোলা উন্নয়ন খণ্ডৰ অধীনত থকা গাঁও পঞ্চায়ত সমূহৰ সভাপতি-সম্পাদকে টকা লৈ ঘৰ দিয়াৰ অভিযোগ উত্থাপন হয়৷ মধ্যভোগীসকলক নাকি লগাই যোগ্য শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই৷