newsnextone.com | চাবুৱাঃ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব অসমবাসী৷ শীঘ্ৰে একত্ৰিত হ’ব দুই মেৰুত অৱস্থান গ্ৰহণ কৰা মটক জনগোষ্ঠীৰ দুই জাতীয় সংগঠন৷ সংগঠনৰ পৰা ওলাই গৈ আন এটা সংগঠন জন্ম দিয়াৰ ফলত বিভিন্ন সময়তে বিভিন্ন জনে মটক জনগোষ্ঠীৰ দুই সংগঠন অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনক এতত্ৰিত হৈ জাতিৰ বাবে যুঁজ দিবৰ বাবে আহ্বান জনাই আহিছে। তেনে আহ্বানৰ প্ৰভাৱ নিশ্চয় পৰিছে।

নেৰানেপেৰা প্ৰচেষ্টাৰ ফলস্বৰূপে একত্ৰিতকৰণৰ যৌথ সভা অনুষ্ঠিত হোৱাৰ দিশে আগবাঢ়িছে। যৌথ সভাত গৃহীত হোৱা প্ৰস্তাৱ মৰ্মে দুয়োটা সংগঠনে একত্ৰিত হ'লে জনতাই উল্লাস প্ৰকাশ কৰিব সেয়া নিশ্চিত৷ 

জাতীয় স্বাৰ্থত ঐক্যবদ্ধভাৱে কাম কৰা হ’ব বুলি ঘোষণা কৰিব দুয়ো সংগঠনে। একত্ৰিকৰণ হোৱাৰ পিছতে জনগোষ্ঠীটোৰ সাংবিধানিক অধিকাৰ জনজাতিকৰণৰ দাবীত আন্দোলন তীব্ৰতৰ কৰা হ’ব বুলি হুংকাৰ দিব বুলি জানিব পৰা গৈছে ৷

মটক জনগোষ্ঠীৰ দুই শক্তিশালী জনগোষ্ঠীয় সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন একত্ৰিত হোৱাৰ পথত বুলি বুলি এটি বিশেষ সুত্ৰৰ পৰা খবৰ আহিছে। এটি সুত্ৰৰ খবৰ মতে শীঘ্ৰে সংগঠন দুটাই এখন অভিৱৰ্তন অনুষ্ঠিত কৰিব। উক্ত অভিৱৰ্তনত জনগোষ্ঠীটোৰ শিক্ষাবিদ, সমাজ সচেতক, আন আন নেতা উপস্থিত থাকিব। বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে অহা ২৫-২৬ আগষ্টত গুৱাহাটীত আয়োজন কৰিছে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ পূৰ্বেই দুয়াটো সংগঠন একত্ৰিকৰণ হৈ পৰাতো প্ৰায় নিশ্চিত হৈ পৰা বুলি জানিব পৰা গৈছে।