ডিফুঃ সমগ্ৰ বিশ্বৰ লগতে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত কাৰ্বি আংলং মটৰ পৰিবহণ শ্ৰমিক আৰু চালক সন্থাৰ উদ্যোগত ডিফু বেচৰকাৰী বাছ আস্থান সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয়৷

শ্ৰমিক দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি আব্দুল নুৰে। পতাকা উত্তোলনত সহযোগ কৰে সন্থাৰ উপ-সভাপতি ৰবিন গয়াৰীয়ে৷ শ্বহীদ তৰ্পন কৰে সধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে৷

ইয়াৰ পিছত আব্দুল নুৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে সামাজিক সুৰক্ষা আঁচনিৰ অধীনত মটৰ শ্ৰমিকসকলক সামৰি লৈ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

শ্ৰমিক আৰু চালকসকলক অধিকাৰ আজুৰি আনিবলৈ ঐক্যবদ্ব সংগ্ৰাম অব্যাহত ৰাখিবলৈকো শ্ৰমিক নেতাজনে ভাষণৰ জৰিয়তে আহ্বান জনায়৷ শ্ৰমিক দিৱসৰ কাৰ্যসূচীত বাছ আস্থান সন্থাৰ সদস্যসকলৰ লগতে ভালেসংখ্যাক শ্ৰমিকে অংশগ্ৰহণ কৰি সংগ্ৰাম আগুৱাই নিবলৈ সংকল্পবদ্ধ হয়।