আমগুৰিঃ বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰাৰে টাই আহোম জনগোষ্ঠীৰ লোকসকলে মে-ডাম-মে-ফি উৎসৱ পালন কৰে৷ বুধবাৰে পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে টাই আহোম জনগোষ্ঠীৰ লোকসকল৷ চাওলুং চ্যুকাফাৰ দিনৰে পৰা অসমৰ টাই-আহোম জনগোষ্ঠীয়ে পালন কৰি আহিছে মে-ডাম-মে-ফি উৎসৱ৷

টাই-আহোম জনগোষ্ঠীৰ লোকসকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে৷ ধৰ্মীয় সামাজিক উত্সৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে৷ বিশেষ উপাসনাৰ জৰিয়তে সমৃদ্ধি কামনা কৰে৷ মে-ডাম-মে-ফী এখন পূজাৰ জৰিয়তে পালন কৰা হয়৷

পুলিন-পোঠাওসকলৰ পৰা দেশ-মাটি স্বজাতিৰ হকে বিভিন্ন নৈবদ্য আগবঢ়াই তাই আহোম জনগোষ্ঠীয় লোকসকলে আশীষ কামনা কৰে এই দিনটোত। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰিৰ বিভিন্ন স্থানত উদযাপন কৰা হয় এই মে ডাম মে ফিৰ। আমগুৰিৰ চামগুৰিস্থিত স্বৰ্গদেউ চুহুং মুঙৰ মৈদাম প্ৰাংগণত টাই অহোম যুৱ পৰিষদে ধৰ্মীয় পৰম্পৰাৰে আয়োজন কৰ মে-ডাম-মে-ফিৰ।

টাই আহোম জনগোষ্ঠীৰ লোকসকলে পুলিন-পোঠাওসকলৰ পৰা দেশ জাতিৰ কুশল-মংগল কামনাৰে মান লাও, লুক লাও (সাঁজ পানী), পাতি হাঁহৰ কণী, কুকুৰা চৰাই আদি বিভিন্ন নৈবদ্য আগবঢ়ায়। মাংগলিক অনুষ্ঠান "বান-ফি"ত দহগৰাকী উপাস্য দেৱতাৰ পৰা আৰ্শীবাদ প্ৰাৰ্থনা কৰে লোকেসকলে। আমগুৰিৰ জাঁজী, নামতি, ঢেপৰ আদি বিভিন্ন স্থানৰ লগতে তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহাসিক নগাআলি হাতীমূৰীয়া পথাৰতো অনুষ্ঠিত কৰে এই অনুষ্ঠানৰ।