জোনাইঃ বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাতো সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰাৰে টাই আহোম জনগোষ্ঠীৰ লোকসকলে মে-ডাম-মে-ফি উৎসৱ পালন কৰে৷ বুধবাৰে পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে টাই আহোম জনগোষ্ঠীৰ লোকসকল৷ চাওলুং চ্যুকাফাৰ দিনৰে পৰা অসমৰ টাই-আহোম জনগোষ্ঠীয়ে পালন কৰি আহিছে মে-ডাম-মে-ফি উৎসৱ৷

টাই-আহোম জনগোষ্ঠীৰ লোকসকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে৷ ধৰ্মীয় সামাজিক উত্সৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে৷

বিশেষ উপাসনাৰ জৰিয়তে সমৃদ্ধি কামনা কৰে৷ মে-ডাম-মে-ফী এখন পূজাৰ জৰিয়তে পালন কৰা হয়৷ ধেমাজি জিলাৰ জোনাই পয় ফুৰালুং সংঘৰ উদ্যোগত জোনাইৰ গান্ধী ময়দানত উদযাপন কৰা হয়৷ অঞ্চলটোৰ বিশিষ্ট ৰত্নেশ্বৰ গগৈ, হীৰা বৰগোঁহাই, বিশ্ব গগৈ, পোনা গগৈ, নৰেন গগৈ, মুনিন্দ্ৰ বৰুৱা, ভাস্কৰ বৰুৱা উপস্থিত থাকে৷ টাই আহোমসকলৰ পুলিন পুথাওসকলক স্মৰণ কৰে৷ জোনাইৰ বহু গণ্য মান্য লোক উপস্থিত থাকে পবিত্ৰ মে-ডাম-মে-ফী অনুষ্ঠানত৷