ডিজিটেল ডেস্কঃ ভীষণ সমস্যাৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব সৰ্বসাধাৰণ। কিয়নো অহা ৩০ মে’ত সমগ্ৰ দেশতে বন্ধ ৰখা হ'ব পাৰে ফাৰ্মাচীসমূহ। সৰ্বভাৰতীয় কেমিষ্ট আৰু ড্ৰাগিষ্ট সন্থাই আহ্বান জনাইছে এই বন্ধৰ।

অনলাইনযোগে ঔষধ বিক্ৰীত চৰকাৰে অনুমতি দিয়াৰ ফলত ব্যৱসায় ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিততে এই বন্ধৰ আহ্বান জনাইছে বুলি জানিবলৈ দিছে সংস্থাটোৱে।

উল্লেখ্য যে কিছুদিনপূৰ্বে অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক ঔষধ বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰিছিল কেন্দ্ৰ চৰকাৰে। ইতিমধ্যে কেবাটাও অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানে ঔষধৰ বিক্ৰী আৰম্ভ কৰিছে। ফলত আগশাৰীৰ চহৰসমূহত যথেষ্ট ক্ষতিৰ সন্মুখীন হ’বলগীয়াত পৰিছে ঔষধৰ ব্যৱসায়ীসকল।

জানিব পৰা মতে, অহা ২৯ মে’ৰ মাজ নিশাৰ পৰা  ৩০ মে'ৰ মাজ নিশা পৰ্যন্ত সমগ্ৰ দেশতে ফাৰ্মাচীসমূহ বন্ধ থাকিব। অৱশ্যে চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত হাস্পতাসমূহত থকা ফাৰ্মাচীবোৰ খোলা ৰখা হ’ব বুলি সূত্ৰটোৱে সদৰী কৰিছে।