তুলসীবাৰীঃ মানৱ সম্পদ গঢ়াৰ খনিকৰক স্মৰণ কৰিলে ৰঙিয়াৰ তুলসীবাৰীবাসীয়ে৷ বিশষ্ট সমাজকৰ্মী তথা শিক্ষক তথা হৰেন্দ্ৰ নাথ নমঃশূদ্ৰই যোৱা ১৯ জানুৱাৰীত মৃত্যুক আকোৱালি লয়৷ বিশিষ্ট সমাজকৰ্মীগৰাকীক মঙলবাৰে স্থানীয় ৰাইজে স্মৰণ কৰে৷

বৈদ্যগড় গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগনত উত্তৰ ৰঙিয়া কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰানেশ্বৰ পাটোৱাৰীৰ সঞ্চালনাত অনুষ্ঠিত এখন সভাত এপল' মিলৰ অধ্যক্ষ নৰেন্দ্ৰ শৰ্মা, আৰিমত্ত বিদ্যাপীঠৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ কামিনি ভূঞা, ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি নগেন চন্দ্ৰ ডেকা, দামোদৰ দাস, ৰঙিয়া সচেতন নাগৰিক মঞ্চৰ সম্পাদক তাৰিফুল ইছলাম, আৰিমত্ত ভৱনৰ সম্পাদক লিটন কলিতাৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ কৰ্মকৰ্তা উপস্থিত থাকে৷ সভাত শিক্ষা-সাহিত্য-ধৰ্ম তথা সংস্কৃতিৰ অক্লান্ত কৰ্মী হৰেন্দ্ৰ নাথ নমঃশূদ্ৰৰ বৰ্ণিল কৰ্মৰাজীৰ বক্তা সকলে স্মৃতি ৰোমন্থন কৰে৷

উল্লেখ্য যে তুলসীবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০০৪ চনত অৱসৰ গ্ৰহণ কৰা নমশূদ্ৰই বেচৰকাৰী বিদ্যালয় বিদ্যাজ্যোতি শিশু নিকেতনতো প্ৰধান শিক্ষক হিচাপে কাম কৰিছিল৷ ২০০৫ চনত জিলা কৃতী শিক্ষকৰ বটা লাভ কৰিবলৈ সক্ষম হয়৷ নমশূদ্ৰই ৰঙিয়া মহকুমা অনুসুচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি তথা তুলসীবাৰী এপ’ল মিলৰ অন্যতম প্ৰতিস্থাপক, শ্ৰী মন্ত শংকৰদেৱ সংঘ, বৈদ্যগড় হাইস্কুল, তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থান, তৰণী বাৰোৱাৰী ৰাস মহোৎসৱ, অসম উন্নতি সভা, মিলনজ্যোতি মধ্য ইংৰাজী বিদ্যলয় আদিকে ধৰি ৰাজহুৱা অনুষ্ঠানৰ সৈতে মৃত্যুৰ আগমুহূৰ্তলৈ জড়িত হৈ আছিল৷

সভাত নমশূদ্ৰৰ স্মৃতিত স্থানীয় পথ এটি নামকৰণ কৰা, ৰঙিয়াৰ গ্লোবেল কম্পিউটাৰ কেন্দ্ৰৰ সঞ্চালক মহ গুলফামে পাঁচ গৰাকী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ ইংৰাজী কথোপকথনৰ প্ৰশিক্ষণ প্ৰদানৰ দৰে পদক্ষেপ গ্ৰহণৰ কথা ভাষণ প্ৰসংগত ব্যক্ত কৰে৷