newsnextone.com/ ২৯ ছেপ্টেম্বৰ তাৰিখে  মাৰ্কাংকুছি তিৱা কাণ্ঠিচ্যুৰি চ্যমতেৰ সভাপতি,ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত লোক-নৃত্যৰ গুৰু, নাদিৰাম দেউৰীয়ে এক সংবাদমেল যোগে জনাই যে তিৱা লোক-সংস্কৃতিক দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি যোৱা "মাৰ্কাংকুছি তিৱা কাণ্ঠিচ্যুৰি চ্যমতে" আগন্তুক দিনত ভাৰতৰ বিভিন্ন স্থানৰ পৰা তিৱা লোক-নৃত্যক প্ৰদৰ্শন কৰিবৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ।

 সময়সূচী আৰু স্থান সমূহ এনেধৰণৰ -

১/ ৪ অক্টোবৰ ২০১৮, সংগীত নাটক একাডেমীৰ নিমন্ত্ৰণত আন্দামান সাংস্কৃতিক মহোসৱ( আন্দামান)।
 নৃত্য দলটোৱে  আন্দামানলৈ বুলি ২ অক্টোবৰ তাৰিখে জাগীৰোডৰ পৰা ৰেল যোগে কলকাতালৈ যাব আৰু কলকাতাৰ পৰা বিমানযোগে আন্দামানলৈ যাব ।
২/ ১৪ নৱেম্বৰ পৰা ১৮ নৱেম্বৰ ২০১৮ লৈ জামচেদপুৰত অনুষ্ঠিত হবলগীয়া সৰ্বভাৰতীয় জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱলৈ উদ্যোক্তা টাটা কোম্পানীৰ তৰফৰ পৰা নিমন্ত্ৰণ লাভ কৰিছে। সৰ্বভাৰতীয় জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱলৈ দলটোৱে ১২ নৱেম্বৰ২০১৮ তাৰিখে গুৱাহাটীৰ পৰা ৰেলযোগে জমচেদপুৰলৈ ৰাওনা হব ‌। 
৩/ ২৮ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ অনুষ্ঠিত হবলগীয়া চালাংগাই নাদাম আৰু সৰ্বভাৰতীয় কাৰাফ মেলা ২০১৮ বাবে দক্ষিণ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা আমন্ত্ৰণ লাভ কৰিছে। উক্ত অনুষ্ঠানটোৰ বাবে ২৫ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ পৰা থাঞ্জাবুৰলৈ ৰেলযোগে যাত্ৰা আৰম্ভ কৰিব। 
তিৱা লোক নৃত্য দলটোৱে প্ৰতিখন মঞ্চত বৰত নৃত্য ,গদালবৰীয়া নৃত্য লাংখন নৃত্য আৰু মুইনাৰি কাণ্ঠি নৃত্য প্ৰদৰ্শন কৰিব ।

   মাৰ্কাংকুছি তিৱা কাণ্ঠিচ্যুৰি চ্যমত নৃত্য দলটোত মুকুন্দ টেৰণ (বাঁহী আৰু পেপা), অৰুণ পাটৰ (ঢোল),হেম বৰদলৈ(তাল), মঞ্জুমণি কোঁৱৰ (কণ্ঠশিল্পী ), নৃত্যশিল্পী সকল নৰেন দেউৰী, চিণ্টু ফাংচ, পৱন ডেকা, নৱজিৎ বৰদলৈ, বিতুপণ ডেকা, সবিতা বৰ্ম্মন, দেৱী পাঠক, প্ৰিয়া বৰদলৈ, পল্লবী দেউৰী আৰু সেৱালী দেউৰী যাব । দলটোত সৰ্বমুঠ ১৫জন নৃত্য শিল্পী যাব।