ঢেকীয়াজুলিঃ সমাজৰ বিভিন্ন দিশত সেৱা আগবঢ়াই দেশ-দহৰ বাবে কাম কৰা শোণিতপুৰ জিলাৰ ১০০গৰাকী বিশিষ্ট লোকক ঢেকীয়াজুলিৰ আদৰ্শ ছহীদ গাঁৱত সম্বৰ্ধনা জনাই এক ইতিহাসৰ সৃষ্টি কৰে৷ গাঁও খনৰ শ্বহীদ মনবৰ নাথ স্মৃতি ন্যাসে অঞ্চলটোৰ শিক্ষাবিদ, শিল্পী, সাংবাদিক, সমাজকৰ্মী আৰু মুক্তিযুজাৰু পৰিয়ালৰ সদস্যক স্মৃতি ন্যাসে ৰাজহুৱা ভাবে সম্বৰ্ধনা জনায়৷

২৮ জানুৱাৰীৰ দিনৰ ১১ বজাত জহামাৰী নামঘৰৰ সমীপৰ সভাকক্ষত মনবৰ নাথ স্মৃতি ন্যাসৰ উদ্যোগত অনুষ্ঠিত কৰা বিশেষ সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ডম্বৰুধৰ নাথে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ঢেকীয়াজুলিৰ প্ৰাক্তন বিধায়ক হিৰন্য বৰাই৷ বৰাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত জীৱন আহুতি দিয়া ১৯৪২ৰ মহান ছহীদ মনৱৰ নাথক সোঁৱৰি দেশ প্ৰেম আৰু ত্যাগৰ সমুজ্জ্বল নিদৰ্শন দাঙি ধৰি মনৱৰ নাথে এই ভূমিক পবিত্ৰ কৰি থৈ যোৱা বুলি কয়৷

নিজৰ মৃত্যুৰ কথা জানিও সমদলৰ আগত গৈ ঢেকীয়াজুলি থানাৰ মুধছত জাতীয় কংগ্ৰেছৰ পতাকা উৰুৱাই অৱশেষত ইংৰাজ চিপাহীৰ গুলী বুকু পাতি লৈ দেশ মাতৃৰ হকে জীৱন আহুতি দিছিল৷ জহামাৰী গাঁৱৰ প্ৰসংগত প্ৰাক্তন বিধায়কগৰাকীয়ে কয়, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ স্মৃতি বিজড়িত জহামাৰী গাঁও এক তীৰ্থস্থান৷ জহামাৰী গাঁৱৰ সুকীয়া পৰিচয় আছে বুলি উল্লেখ কৰি উন্নয়নৰ ক্ষেত্ৰত জহামাৰী গাঁও আজিও পিছপৰি থকাত আক্ষেপ প্ৰকাশ কৰে৷

মনবৰ নাথ স্মৃতি ন্যাসৰ সম্পাদক তথা অনুষ্ঠানৰ অন্যতম উদ্যোক্তা প্ৰয়াত মুক্তিযোদ্ধা ধনীৰাম নাথৰ পুত্ৰ অনন্ত কুমাৰ নাথে আতঁধৰা সভাখনত ভাষা আন্দোলনৰ মহান শ্বহীদ ৰূপক নাথৰ ভাতৃ তথা বিশিষ্ট অভিনেতা অলক নাথো উপস্থিত থাকে৷ বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহন কৰি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুকদেৱ অধিকাৰীয়ে মানুহৰ আত্মিক চেতনা জাগিব লাগিব তেহে সমাজৰ প্ৰকৃত উন্নয়ন হ’ব বুলি কয়৷

সমাজ ব্যৱস্থাক শিক্ষাৰ যোগেদি আগুৱাই নিব লাগে বুলি উল্লেখ কৰি অধিকাৰীয়ে এইক্ষেত্ৰত ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায়৷ সভাত ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল, জ্যেষ্ঠ অধিবক্তা ধৰ্মেশ্বৰ শইকীয়া, সমাজকৰ্মী ৰাতুল কুমাৰ নাথ, অধিবক্তা গিৰিন বৰা, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ নাথ, জনমতৰ সম্পাদক নাৰায়ণ ফয়েল আদি বক্তব্য প্ৰদান কৰে৷