ফাইল ফটো
ফাইল ফটো

শিৱসাগৰঃ উজনি-নামনি, বৰাক উপত্যকাৰ থলুৱা ইছলামধৰ্মীৰ অভিনেতা, সাংবাদিক, সাহিত্যিক, শিক্ষাবিদ, বুদ্ধীজীৱি, ব্যৱসায়ী, দল-সংগঠনৰ নেতা একত্ৰিত হ’ব। এৰত্ৰিত হ'ব বছৰ বছৰ ধৰি বঞ্চিত অৱহেলিত ৰাজ্যৰ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীৰ লোকসকল ৷ জনগোষ্ঠীয় পৰিচয় বিচাৰি গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে আজিও প্ৰতিবাদ কৰি আহিব লগা হৈছে৷

স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷

অৱহেলিত,উপেক্ষিত হৈ থকা খিলঞ্জীয়া ইছলাম ধৰ্মীসকলেই বহুসময়ত হ’ব লগা হয় অসমীয়া জাতিৰ ৰক্ষাকৰ্তা ৷ ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি অসম আন্দোলন, স্বাধীনতা আন্দোলন, আহোম-মোগলৰ যুদ্ধত জপিয়াই পৰা বাঘ হাজৰিতাৰ বংশােধৰসকলে আজি পৰিচয় সংকটত পৰি হাহাকাৰ কৰিব লগা হৈছে।

অসমীয়া জাতিৰ বিপদৰ কালত সক্ৰিয় ভূমিকা পালন কৰি অহা ৰাজ্যৰ থলুৱা ইছলামধৰ্মীসকলৰ একমাত্ৰ জাতীয় সংগঠন হৈছে সদৌ অসম গৰিয়া মৰিয়া-দেশী জাতীয় পৰিষদ ৷ বিগত ২০০৬ চনৰ ৪ ফেব্ৰুৱাৰীৰ পৰা বহু ঘাট-প্ৰতিঘাতৰ মাজেৰে অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া অসমীয়া সকলৰ অস্তিত্ব আৰু সুৰক্ষাৰ স্বাৰ্থত গঠিত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰীত ১৩ টা সংগ্ৰামী বছৰত ভৰি দিছে ৷

 জনগোষ্ঠীটোৰ সমস্যাৰ লগতে অসমৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত মাতি অহাৰ উপৰিও অসমত আলফা-চৰকাৰৰ শান্তি আলোচনাৰ স্বাৰ্থত গঠিত ২৮ জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চ PCPIAত জড়িত হোৱাৰ লগতে অসম ছাত্ৰ সন্থা আৰু অনুপ চেতিয়া নেতৃত্বাধীন খিলঞ্জীয়া মঞ্চ অসমৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ সংগঠনটোৱে জাতীয় স্বাৰ্থত মাত মাতি আহিছে ৷

অসমত ইছলামধৰ্মী খিলঞ্জীয়াসকলৰ অসমৰ প্ৰতি থকা নানান সমস্যাক লৈ নিঃস্বাৰ্থভাৱে মাত মাতি অহা এই সংগঠনটোৱে অসমৰ ইতিহাস আত্মপ্ৰকাশ কৰিছে ৷ এওঁলোক গৌড় দেশৰ পৰা অহা প্ৰব্ৰজনকাৰী অথবা আক্ৰমণকাৰী নহয়।

বৰঞ্চ এই ভূ-খণ্ডৰে খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত (শতকৰা ৯৫ ভাগৰো অধিক) হৈ সংগঠিত হোৱা তেজ-মঙহৰ এক নিঃস্বাৰ্থ প্ৰেমীলোকে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে পোন প্ৰথমবাৰৰ বাবে বাস্তৱিক অৰ্থত জনমানসত প্ৰতিষ্ঠা লাভ কৰি সঁচা অৰ্থত ঐতিহাসিক সম্প্ৰীতিৰ অসম গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে ৷

এই সংগঠনটোৱে ১৩ টা বছৰ গৰকি অসমত অসমীয়া জাতীয় স্বাৰ্থৰ হকে যুঁজ দি পোনপ্ৰথমবাৰৰ বাবে সম্প্ৰীতিৰ সোণালী অধ্যায় স্থাপন কৰি অসমীয়া জাতিক ঐক্যবদ্ধ কৰা আহোম স্বৰ্গদেউসকলৰ ৰাজধানী উজনিৰ শিৱসাগৰত অহা ৪ ফেব্ৰুৱাৰীত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ মনস্থ কৰিছে ৷

৪ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা প্ৰতিষ্ঠা দিৱসত পতাকা উত্তোলন কৰিব সদৌ অসম গৰিয়া মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি  হাফিজুল আহমেদে ৷ দিনৰ ১২ বজাৰ পৰা হাফিজুল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান আৰু চহিৰ ভূঞাই ৷

বিশিষ্ট অতিথি হিচাপে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱাল, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন আৰু বিশিষ্ট লেখক ড০ অনিল কুমাৰ ভৰালীয়ে ৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়া ৷ উল্লেখ্য যে, ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা প্ৰতিষ্ঠা দিৱসত অসমৰ বিভিন্ন জাতীয় সংগঠনৰ বিষয়ব-বীয়াই অংশগ্ৰহণ কৰিব ৷