ডিজিটেল ডেস্কঃ মেঘালয় বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰোমাঞ্চক হৈ উঠিছে টিকট প্ৰত্যাশীয়ে টিকট লাভ নকৰাৰ ক্ষোভৰ ছবিখন৷ যোৱা শুকুৰবাৰে বিজেপিয়ে মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে ৪৫ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ পিছত একাংশ বিজেপি নেতাই বিসম্বাদ কৰিবলৈ আৰম্ভ কৰা দেখা যায়৷

কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা এএল হেক আৰু চংবুৰ চুল্লই শুকুৰবাৰে প্ৰাৰ্থীৰ প্ৰথমনখন তালিকা ঘোষণা কৰাৰ পিছতেই ৰাজ্যিক বিজেপিৰ অধ্যক্ষ শিবুন লিংডোৰ ভগ্নী ৱায়লেট লিংডোৱে নিজৰ নাম প্ৰাৰ্থী তালিকাত নথকাত অসন্তুষ্ট হৈ বিজেপি ত্যাগ কৰা বুলি জানিব পৰা গৈছে৷ তেওঁ নেচনেল পিপলচ পাৰ্টি চমুকৈ এনপিপিৰ যোগদান কৰে৷

কেন্দ্ৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলত দলক মজবুত কৰাৰ লগতে মেঘালয়তে বিজেপি দলক শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে বিজেপিৰ নেতা-কৰ্মীয়ে৷ যাৰ বাবে ৬০খন আসনতে প্ৰতিদ্বন্দিতা কৰিব দলটোৱে। আনহাতে দিল্লী আৰু মণিপুৰত বিজেপিৰ সহযোগী হৈ চৰকাৰ চলাই থকা এনপিপিয়ে মেঘালয়ত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে নিৰ্বাচনৰ প্ৰচাৰ চলাই গৈছে।

২ জানুৱাৰীত বিধানসভাৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰা পূৰ্বৰ কংগ্ৰেছে মন্ত্ৰী এএএল হেকৰ লগতে আন তিনি বিধায়কক টিকট দিয়ে বিজেপিয়ে। ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি শিবুন লিংডোৰ ভগ্নী ৱায়লেট লিংডোই বিজেপি দল এৰি এনপিপিত যোগ দিয়ে। এনপিপিৰ কাৰ্যালয়ত লিংডোক বিপুল ভাবে আদৰণি জনায়।

তেওঁক শ্লীহৰিয়াট সমষ্টিৰ পৰা টিকত দিয়াৰ সম্ভৱনা আছে। লিংডোৱে মোক বিজেপিয়ে টিকত দিয়া কথা আছিল যদিও নিদিয়াৰ বাবে এনপিপিত যোগদান কৰিছোঁ বুলি কয়। অৱশ্যে এতিয়ালৈ অধ্যক্ষ তথা ভাতৃৰ মতামত জানিব পৰা হোৱা নাই।

অৱশ্যে এএএল হেক সহ প্ৰাক্তন ৮জন বিধায়কৰ নাম তালিকাত সোমাইছে। ২০১৩ চনত নিৰ্বাচনত পৰাস্ত হোৱা কেইজনমান বিধায়কৰ নাম সোমাইছে বিজেপিৰ প্ৰথম তালিকাত। পিছৰ তালিকাত ১৫ জনৰ নাম প্ৰকাশ পাব যদিও ইয়াক লৈ উৎকন্ঠা আৰম্ভ হৈছে৷ ২০১৩ চনত তেৰখন আখনৰ এখনো লাভ কৰা নাছিল বিজেপিয়ে। অসম, অৰুণাচল আৰু মণিপুৰত বিজেপিৰ স্থিতি ভাল যদিও মেঘালয়ত এতিয়ালৈ স্থিতি সবল কৰিব পৰা নাই৷