গুৱাহাটীঃ মেঘালয়ৰ বিধান সভা নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান ঘন্টা বাকী থকাৰ অৱস্থাত এগৰাকী নিৰাপত্তাৰক্ষীক গুলীয়াই হত্যা কৰাৰ খবৰ আহিছে৷ দেওবাৰে আৰপিএফৰ শিবিৰত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ এগৰাকী জোৱানে নিজৰ বিভাগৰে বিষয়াক গুলীয়াই হত্যা কৰাৰ খবৰ পোৱা গৈছে৷

জানিব পৰা মতে, একে-৪৭ ৰাইফলেৰে মূৰ আৰু দেহৰ কেইবাঠাইত লক্ষ্য কৰি গুলী চলান কৰি হত্যা কৰে কামাণ্ডেটক৷ দীৰ্ঘ দিনৰ পৰা কোনো বিষয়ক লৈ জোৱান আৰু বিষয়াৰ মাজত বাক বিতণ্ডা হৈ আহিছিল৷