কলকাতাঃ পঞ্জাব নেচনেল বেংকৰ ১৩,০০০ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত  হীৰা ব্যৱসায়ী মেহুল চকছিকৰ এজন সহযোগীক এনফৰ্চমেণ্ট ডাইৰেকেটৰেতে গ্ৰেপ্তাৰ কৰিছে।

চকছিৰ হংকঙৰ ব্যৱসায় চোৱা-চিতা কৰা দীপক কুলকাৰনিয়ে হংকঙৰপৰা সোমবাৰে নিশা কলকাতাত উপস্থিত হোৱাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। 

ধন-ৰোধন নিবাৰণ আইনৰ অধীনত কুলকাৰনিক গ্ৰেপ্তাৰ কৰা হয়। কুলকাৰনিয়ে মেহুল চকছিকৰ হংকঙৰ ব্যৱসায় তদাৰক কৰাৰ লগতে হীৰা ব্যৱসায়ীজনৰ ভুৱা কোম্পানী এটাৰ সঞ্চালকৰ দায়িত্বত আছিল।

কুলকাপনিয়ে ভাৰতলৈ আহিব বুলি তথ্য লাভ কৰাৰ পাছতে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু চি বি আয়ে তেওঁৰ বিৰুদ্ধে 'লুক আউট’ জাননী জাৰি কৰিছিল।

কুলকাৰনিক আজি কলকাতাৰ আদালতত হাজিৰ কৰাই এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে। তাৰ পাছত চি বি আয়ে অভিযুক্তক জেৰাৰ বাবে নিজৰ জিম্মত ল’ব।