ডিজিটেল ডেস্কঃ দেশৰ বিৰোধী দল কংগ্ৰেছৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী মীৰা কুমাৰ আজি শ্বিলঙলৈ ৰাওনা হ’ব।

মঙলবাৰে গুৱাহাটীত উপস্থিত হোৱা লোকসভাৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে শ্বিলঙত মেঘালয়ৰ সাংসদ-বিধায়কৰ সৈতে মত বিনিময়ৰ পিছত পুনৰাই গুৱাহাটীলৈ উভতিব।

আবেলি ৩ বজাত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদ-বিধায়কৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত এক বিশেষ আলোচনাত মিলিত হ’ব।

গধুলি সাংবাদিকৰ সৈতে মত বিনিময়ৰ পিছতে নতুন দিল্লীলৈ উভতিব প্ৰাক্তন অধ্যক্ষগৰাকী।