ডিজিটেল ডেস্কঃ তামোল গছত উঠিলেহে নেটৱৰ্ক পোৱা যাব বুলি বাটে-ঘাটে শুনিবলৈ পোৱা যায় যদিও সঁচাকৈয়ে গছত উঠিবলগা হ’ল নেটৱৰ্ক বিচাৰি। তাকো এজন ভাৰত চৰকাৰৰ এজন কেন্দ্ৰীয় মন্ত্ৰী উঠিল গছত।

দৰাচলতে ৰাজস্থানলৈ বিশেষ কাৰ্যসূচী উপলক্ষে ভ্ৰমণলৈ যোৱা বিত্ত বিভাগৰ ৰাজ্যিক দপ্তৰৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে দেওবাৰে নিজৰ সংসদীয় সমষ্টি বিকানেৰৰ এখন গাঁৱত উপস্থিত হয়।

গাঁওবাসীৰ অভাৱ-অভিযোগ শুনি বিভাগীয় বিষয়ালৈ ফোন লগাব গৈ বিপাঙত পৰে মন্ত্ৰীগৰাকী। নেটৱৰ্ক নাই! কোনোপধ্যেই নেটৱৰ্ক নাপাই অৱশেষত গছ এডালতে আওজাই থোৱা জখলা এডালতে উঠি বিষয়ালৈ ফোন লগায় মন্ত্ৰীগৰাকীয়ে।

এনেদৰে জখলাত উঠি কথা পতা ভিডিঅ’ কোনোবাই ইণ্টাৰনেটযোগে আপলোড কৰাত ক্ষন্তেকতে ভাইৰেল হৈ পৰে ভিডিঅ’টো। কোনোবাই যদি মন্ত্ৰীগৰাকীৰ তৎপৰতাৰ প্ৰশংসা কৰে, কোনোবাই আকৌ অঞ্চলটোত নেটৱৰ্ক নোপোৱাৰ কথাক লৈ বিতৰ্ক কৰাও পৰিলক্ষিত হয় বিভিন্ন সামাজিক গণমাধ্যমত।