ওদালগুৰিঃ অসমত ১০ লাখ মহিলাক ৰন্ধন গেছ দিয়া গৈছে৷ এই আঁচনিত আধাৰ কাৰ্ডৰ প্ৰয়োজন হোৱা বাবে ৰাজ্যখনত আঁচনি আৰম্ভ কৰিব পৰা হোৱা নাছিল। পাছত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা শিথিল কৰাৰ পাছত ৰাজ্যখনত এই আঁচনিৰ কাম আৰম্ভ হৈছে। ফলত অসমত এই আঁচনি বিতৰণৰ প্ৰক্ৰিয়া বহু পলম হৈছিল। এই মন্তব্য মন্ত্ৰী ৰিহন দৈমাৰীৰ৷ 

শনিবাৰে ওদালগুৰিত প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ তৃতীয় পৰ্যায়ত মহিলাৰ মাজত বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰি এই মন্তব্য আগবঢ়ায়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৩৩ হাজাৰ পৰিয়ালৰ মাজত তিনিটা পৰ্যায়ত ৰন্ধন গেছৰ সংযোগ বিতৰণ কৰা হয়। ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগনত অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। 

মত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত এই আঁচনিৰ কাম আৰম্ভ হোৱাৰ লগে লগে একাংশ মধ্য ভোগী দালালে হিতাধিকাৰীসকলৰ পৰা বহু পৰিমাণে টকা লৈছিল যদিও চৰকাৰৰ সক্ৰিয় ভূমিকাৰ বাবে এয়া বন্ধ হৈ পৰে। ৰাজ্যৰ মহিলাসকলে খৰিৰ জুইত খাদ্য ৰন্ধন কৰিছিল যাৰ ফলত বিভিন্ন শ্বাস-প্ৰশ্বাস জনিত ৰোগকে ধৰি বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল। 

খৰিৰ বাবে ৰাজ্যত অবাধ হাৰত ধ্বংস হৈছিল মূল্যৱান গছ-গছনিকে ধৰি বনজ সম্পদ। এই দুয়োটা ক্ষেত্ৰলৈ লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলাসকলৰ বাবে এই আঁচনিটোৰ শুভাৰম্ভ কৰে। আঁচনিৰ বাবে প্ৰতিটো ৰন্ধন গেছৰ সংযোগৰ নামত কেন্দ্ৰীয় চৰকাৰে ১৬০০ টকা আৰু ৰাজ্য চৰকাৰখনে ১০০০ টকাকৈ প্ৰদান কৰা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে খাদ্যসুৰক্ষা আঁচনি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী ৰিহন দৈমাৰীয়ে কয় যে, তেওঁ লাভ কৰা অভিযোগ অনুসৰি বিভিন্ন স্থানত ব্যৱসায়ীসকলে গ্ৰাহকৰ পৰা ৩টকাৰ পৰিৱৰ্তে ৪টকা আৰু ৫কেজি চাউলৰ পৰিৱৰ্তে ৪ কেজি চাউল দি আছে। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে ব্যৱসায়ীসকলক সকীয়াই দি কয় যে এনে ঘটনাৰ প্ৰমাণ পোৱাৰ লগে লগেই ব্যৱসায়ীসকলৰ লাইচেঞ্চ বাতিল কৰাৰ লগতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। 

আনহাতে ওদালগুৰি নগৰখনৰ বিভিন্ন ঠাইত অপৰিষ্কাৰ স্থানসমূহৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰি মন্ত্ৰগৰাকীয়ে নগৰখনৰ কিছু স্থানৰ ৰাইজে নলাসমূহক ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰাৰ ফলত কৃত্ৰিম বানৰ লগতে স্থানসমূহ অপৰিস্কাৰ হৈ পৰিছে বুলি ক্ষোভ উজাৰে। ইণ্ডিয়ান অইল কৰ্পোৰেশ্বনৰ মুখ্য প্ৰৱন্ধক সৌৰভ চলিহাই ওদালগুৰি জিলাত ৮টাকৈ নতুন গেছ এজেঞ্চি স্থাপন কৰাৰ লগতে ঘৰে ঘৰে গৈ ৰন্ধন গেছ বিতৰণৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে।