newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ লেখাপানীৰ ফানেংঘাটত ৰাজপথত এগৰাকী ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ অভিযুক্ত কিশোৰ বুলি সন্দেহ কৰা হৈছে।

জানিব পৰা মতে, লেখাপানীৰ পাটকাইত প্ৰকাশ মাহাতু নামৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে থকা অভিযুক্তই শনিবাৰে পুৱা প্ৰায় ৭ বজাত নিচাজাতীয় দ্ৰব্য সেৱন কৰি উদয়পুৰ-ফানেঙঘাট পথত কোনো লোক নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ৰাজপথত ৰখাই যৌন নিৰ্যাতন চলোৱাৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আহি অভিযুক্তক আবদ্ধ কৰি উত্তম মাধ্যম শোধাই লেখাপানী আৰক্ষীক চমজাই দিয়ে৷ তিনিচুকীয়া জিলাৰ নেমুগুৰি চাহ বাগিচাৰ বাসিন্দা অভিযুক্তৰ বিৰুদ্ধে কিশোৰীৰ পৰিয়াল এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত লেখাপানী আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু সোধ-পোছ অব্যাহত ৰাখিছে ৷