জোনাইঃ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বাসকৰে অসম ভূমিত৷ প্ৰতিটো জাতি-জনগোষ্ঠীৰ আছে নিজস্ব কৃষ্টি, সংস্কৃতি, পৰম্পৰা। ভাষা, সাহিত্য, সংস্কৃতিৰ জৰিয়তেই জনগোষ্ঠীসমূহৰ ভিতৰত ভৈয়ামত বসবাস কৰা দ্বিতীয় বৃহত্তম জনগোষ্ঠী হৈছে মিচিং জনজাতি৷ মিচিং জনজাতিসকলৰ আছে নিজা ভাষা, সংস্কৃতি, মৌখিক সাহিত্য আৰু কিম্বদন্তিমূলক ইতিহাস।

যাৰ জৰিয়তে বৰ্ণিল মিচিং জনগোষ্ঠীয়ে নিজা পৰিচয় বহন কৰি পালন কৰি আহিছে বিভিন্ন উৎসৱ-পাৰ্ৱন। মিচিঙসকলে পালন কৰা উৎসৱ সমূহৰ ভিতৰত উল্লেখনীয় কৃষিভিত্তিক উৎসৱ 'আলি-আয়েঃ-লৃগাং’। জনগোষ্ঠীটোৱে পালন কৰা ‘আলি-আয়েঃ-লৃগাং’ উৎসৱক ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ দাবীত মিচিং জনগোষ্ঠীয়ে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

জাতীয় উৎসৱ আলি-আয়েঃ-লৃগাংক চৰকাৰী বন্ধঘোষণা কৰাৰ দাবী জনাই মিচিংসকলৰ বিভিন্ন জাতীয় সংগঠনৰ উদ্যোগত ধৰ্মঘট কাৰ্য্যসুচী পালন কৰে৷ ৰাজ্যখনৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলে ফাগুণৰ প্ৰথমটো বুধবাৰে আলি-আয়েঃ-লৃগাং উৎসৱ পালন কৰি আহিছে৷

যাৰ ফলত ফাগুনৰ প্ৰথমটো বুধবাৰ মিচিংসকলে পালন কৰা 'আলি-আয়েঃ-লৃগাঙৰ দিনটোক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবলৈ দাবী জনাই বুধবাৰে মুৰ্কংচেলেক চিৰকি নানে কংপ্লেক্স প্ৰাংগণত প্ৰতিবাদ সাব্যস্ত কৰে কেইবাশতাধিক মিচিং লোকে৷ চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰি জোনাই মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ উল্লেখ্য যে, অসম চৰকাৰে এই দাবী শীঘ্ৰে কাৰ্যকাৰী নকৰিলে গণতান্ত্ৰীকভাৱে পুনৰ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে মিচিং জাতীয় সংগঠন সমূহে৷