জোনাইঃঅসমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি ৷ বিভিন্ন জাতি-জনজাতিৰ মিলনতেই গঠিত গৈছে এই বৃহৎ অসমভূমি ৷ য’ত পাহাৰ, ভৈয়াম একাকাৰ কৰি বসতি কৰি আছে বৰ্ণিল অসমীয়া জাতি ৷  প্ৰতিটো জাতি-জনজাতিৰে নিজস্ব চাৰিত্ৰিক বৈশিষ্ট্য আছে ৷

নিজা নিজা ভাষা, সাহিত্য, সংস্কৃতিৰ জৰিয়তেই প্ৰতিটো জনগোষ্ঠী সমৃদ্ধ হয় ৷ অসমৰ ভৈয়ামত বসবাস কৰা জনজাতি সমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি হৈছে মিচিং জনজাতি ৷ নৈৰ পাৰত বসতি কৰা এই মিচিং জনজাতিসকলৰ আছে নিজা ভাষা,সংস্কৃতি, মৌখিক সাহিত্য আৰু কিম্বদন্তিমূলক কিছু তথ্যৰ আভাস

৷ যাৰ পৰিপেক্ষিতত মিচিং সমাজে পালন কৰি আহিছে বিভিন্ন উৎসৱ-পাৰ্ৱন ৷ মিচিং জনগোষ্ঠীৰ আছে বহুতো জাতীয় সংগঠন ৷ মিচিং সমাজৰ পিতৃ স্বৰূপ এটা সংগঠন হৈছে মিচিং বানে কেবাঙ ৷ এই সংগঠনে পালন কৰিবলৈ লৈছে ৩৬ তম সাধাৰণ অধিবেশন |

১ ফেব্ৰুৱাৰীৰ পৰা জোনাইৰ জোনকীৰেঙৰ আৱটানি লত্তাত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা মিছিং বানে কেবাঙৰ ৩৬ তম সাধাৰণ অধিবেশন উলহ-মালহেৰে পালন কৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি ৷ চাৰিদিনী়য়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই অধিবেশনখনিত অসম অৰুণাচল প্ৰদেশৰ পৰা প্ৰায় এহেজাৰ প্ৰতিনিধি উপস্থিত থকাৰ উপৰিও এক লাখ ৰাইজৰ সমাগম হ’ব বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে ৷

এই অধিবেশনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ১০ হাজাৰ লোকে বহিব পৰাকৈ মূল মণ্ডপ, পাঁচ হাজাৰ লোক একেলগে  খাব পৰাকৈ ভোজনালয়, প্ৰতিনিধি শিবিৰ,  প্ৰদৰ্শনী স্থলীৰ লগতে মূল তোৰণৰ নিৰ্মান কাৰ্য্য প্ৰায় আশী শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি উদযাপন সমিতিৰ সম্পাদক নৰেশ কুম্বাঙে জানিবলৈ দিয়ে ৷  উল্লেখ্য যে, এই অধিবেশনলৈ অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ লগতে মুকলি অধিবেশনলৈ  পদ্মশ্ৰী বঁটা প্ৰাপক অৰণ্য মানৱ যাদৱ পায়ঙক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে ৷