হায়দৰাবাদঃ তেলেংগানাত দলিত যুৱক নিৰুদ্দেশ হৈ থকা ঘটনাক নাটকীয় ৰূপ দি শনিবাৰে আৰক্ষীৰ জালত পৰে তেওঁৰ শহুৰেকসহ কেবাজনো আত্মীয়।

আৰক্ষী সূত্ৰই জনোৱা মতে, যোৱা ১ মে’ৰ পৰা সন্ধানহীন হৈ থকা দলিত অম্বুজি নৰেশ(২৩)ক উচ্চ বৰ্ণৰ তুম্মালা শ্ৰীনিৱাস ৰেড্ডিয়ে নিজ কন্যাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাত অসন্তুষ্ট হৈ পৰিকল্পিতভাৱে হত্যা কৰিছিল। কন্যা স্বাতী তুম্মালাৰ সৈতে বিবাহ কাৰ্য সম্পন্ন কৰাৰ প্ৰলোভন দেখুৱাই ৰেড্ডিয়ে মুম্বাইৰ পৰা মাতি পঠিয়াইছিল অম্বুজিক।

প্ৰেয়সীক জীৱন সংগী হিচাপে পোৱাৰ সপোন দেখি লগে লগে মুম্বাইৰ পৰা আহি তেলেংগানাত ভৰি থৈছিল দলিত অম্বুজিয়ে। ইয়াৰ পিছতে ৰেড্ডিয়ে আন কেবাজনো সহযোগীৰ সৈতে কন্যাৰ পাণি প্ৰাৰ্থী দলিত যুৱকজনক হত্যা কৰি য়াদাদ্ৰি জিলাত থকা নিজৰ পথাৰৰ মাটিত মৃতদেহটো জ্বলাই দিয়ে। 

প্ৰায় দুই ঘণ্টা ধৰি চলা জেৰাৰ অন্তত এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি ৰেড্ডিয়ে কয় যে এন সাথী ৰেড্ডি নামৰ আত্মীয়জনৰ সৈতে লগ হৈ তেওঁ অম্বুজিক হত্যা কৰি মৃতদেহ জ্বলাই ছাইখিনি মুছি নৈত উটুৱাই দিছিল।
ইতিমধ্যে ৰাছাকোন্দা আৰক্ষীয়ে আনজন সহযোগীকো গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। ৰাছাকোন্দা আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, ২ মে’ৰ নিশা দুয়োজনে লগ হৈ উক্ত হত্যাকাণ্ড সংঘটিত কৰিছিল। 

আৰক্ষী বিষয়াজনে আৰু কয় যে, সাথী ৰেড্ডীৰ সৈতে কথা পাতি থকাৰ সময়তে শ্ৰীনিৱাস ৰেড্ডিয়ে এডাল ৰ’ডেৰে অম্বুজিৰ মূৰত প্ৰহাৰ কৰিছিল। পিছত দুয়োজন অভিযুক্তই মুমুৰ্ষ অম্বুজিক তেওঁলোকৰ ঘৰৰ ওচৰৰ পৰা বাইকেৰে পথাৰলৈ লৈ গৈ মৃতদেহটো জ্বলাই দি ছাইখিনি নৈত উটুৱাই দিয়াৰ লগতে মোবাইল ফোনটোও নষ্ট কৰি পেলায়।

পিতৃৰ হাতত প্ৰেমিকক হেৰুৱাবলগীয়া হোৱা এই ঘটনাৰ প্ৰায় এপষেক পিছতে নিজ ঘৰতে চিপ লৈ আত্মহত্যা কৰে ২০ বৰ্ষীয় ৰেড্ডি কন্যা স্বাতী তুম্মালাই। এনেদৰেই অন্ত পৰে দুই শৈশৱৰ বন্ধুৰ কণ্টকময় প্ৰেম কাহিনী আৰু এখন অসবৰ্ণ বিবাহৰ। উল্লেখ্য যে দুয়ো যোৱা মাৰ্চ মাহত পৰিয়ালৰ অজ্ঞাতে মুম্বাইত ইজনে আনজনক জীৱন সংগী হিচাপে আকোৱালি লৈছিল।

এই কথা জানিব পাৰি খঙতে অগ্নিশৰ্মা হৈ পৰে উচ্চ বৰ্ণৰ শ্ৰীনিৱাস ৰেড্ডিয়ে। অকণো পলম নকৰাকৈ এসেকা দিবলৈ বুলি ৰেড্ডিয়ে দলিত অম্বুজি আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে স্থানীয় থানাত যৌতুকৰ দাবীত কন্যাক নিৰ্যাতন চলোৱা ৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে। 

ইফালে, হঠাৎ পুত্ৰ অম্বুজি নিৰুদ্দেশ হৈ পৰাত আৰক্ষীৰ ওচৰত কোনো সমাধান সূত্ৰ নাপাই হায়দৰাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপে পিতৃ অম্বুজি ভেংকটাই। ন্যায়ালয়ে আন সকলৰ লগতে স্বাতীকো আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। 

কিন্তু আদালতত হাজিৰ হ’বলৈ আৰু ৰৈ নাথাকি আপোনঘাতী হৈ প্ৰেমিক অম্বুজিৰ কাষলৈ ঢাপলি মেলে দুৰ্ভগীয়া স্বাতীয়ে। স্বাতীৰ আত্মহত্যাৰ পিছতে ঘটনাই অন্য ৰূপ লয়। ইয়াকে আলম হিচাপে লৈ অনুসন্ধানকাৰী অৰক্ষীৰ দলটোৱে পোহৰলৈ আনিবলৈ সমৰ্থ হয় এই মৰ্মান্তিক ঘটনাটোৰ প্ৰকৃত ৰহস্য।