বাৰপুজীয়াঃ যোৱা ৭০ ঘন্টা ধৰি এগৰাকী শুংসুত্ৰ নাই এগৰাকী লোকৰ৷ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৬০ বছৰীয়া লোকগৰাকী নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷

লাহৰীঘাট আৰক্ষী থনাৰ অন্তৰ্গত তিনিচুকীয়াৰ মাহমৰাৰ গনেশ চন্দ্ৰ ডেকা নামৰ লোকজনে যোৱা ৫ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই গৈ আজিলৈ ঘৰলৈ উভতি অহা নাই৷

৬০ বছৰীয়া লোকজনে বজাৰ কৰিম বুলি ঘৰৰ পৰা ওলাই আহি নিৰুদেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লাহৰীঘাত আৰক্ষীক পৰিয়ালে এজাহাৰ দাখিল কৰে যদিও এই পৰ্যন্ত শুংসুত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷

কোনো লোকে গনেশ চন্দ্ৰ ডেকাৰ সন্ধান লাভ কৰিলে সমীপৰ আৰক্ষী চকীত খবৰ দিবলৈ অনুৰোধ জনাই পৰিয়ালে৷