newsnextone.com | খাৰুপেটীয়াঃ এমাহে ঘৰলৈ উভতি অহা নাই এগৰাকী পিতৃ ৷ মৰমৰ পিতৃক বিচাৰি এতিয়া হায়ৰাণ হৈ পৰিছে দুৰ্ভগীয়া পৰিয়াল৷ ঘৰলৈ উভটি আহিব বুলি আশাৰে বাট চাই ৰৈছে পৰিয়ালে৷ পিতৃ চকুৰ আঁৰ হ’লেই থাকিব নোৱাৰা পৰিয়ালে এতিয়া লঘোণে-ভোকে থাকি বুকুত একুৰা জীয়া জুই লৈ ব্যাকুল হৈ পৰিছে৷ একেই পৰিবেশ আন এটা পৰিলায়ত। সেই পৰিয়ালটোৰ এগৰাকী যুৱতীৰ যোৱা এমাহ ধৰি কোনো খবৰ নাই। এতিয়া দুয়োটা পৰিয়ালৰ দিন নাযায় ৰাতি নুপুৱাই। চিন্তাত সময় বোৰ পাৰ কৰিছে। 

দৰং জিলাৰ এগৰাকী যুৱতী আৰু এগৰাকী বৃদ্ধ প্ৰায় এমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। দৰং জিলাৰ বেছিমাৰী আৰু হিৰাপাৰা গাঁৱৰ দুজকৈ লোক যোৱা এমাহে নিৰুদ্দেশ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত দুয়োটা পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে সন্ধান উলিয়াব পৰা নাই দুয়ো গৰাকী লোকৰ শুংসুত্ৰ। 

বেছিমাৰীৰ নিবাসী আফাজুদ্দিনৰ ২৫ বছৰীয়া কন্যা নাজিমা খাতুনে যোৱা ৭ জুলাইক দৰঙৰ শিলবৰী গাঁৱলৈ যোৱাৰ সময়ৰে পৰা  নিৰুদ্দেশ হয়। পৰিয়ালে বিচাৰ সোচাৰ কৰি উদ্ধাৰ কৰিব নোৱাৰি আৰক্ষীক এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। নিজ গৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কোনো শুংসুত্ৰ নাই নাজিমা খাতুনৰ। যোৱা ২০ জুলাইত এজাহাৰ দাখিল কৰে পৰিয়ালে। যুৱতীৰ কোনো লোকে সন্ধান পালে 8402016453 নম্বৰত ফোন কৰি অৱগত কৰিবলৈ পিতৃয়ে অনুৰোধ জনায়। 

ইফালে দৰঙৰ হিৰাপাৰা গাঁৱৰ ছাবৰ উদ্দিন মণ্ডল (৮৩) নামৰ এজন বৃদ্ধ যোৱা ২৬ জুনৰ পুৱা ৮ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। ছাবৰ উদ্দিন মণ্ডলৰ পুত্ৰ কৈবৰ আলীয়ে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসুত্ৰ উলিয়াব পৰা নাই বৃ্দ্ধজনৰ। পুত্ৰ কৈবৰে জানিবলৈ দি কয় যে তেওঁৰ পিতৃ সুস্থ হৈ আছিল। পিতৃয়ে পঞ্জাৱত থকা কল্যাৰ ঘৰলৈ যাবৰ বাবে ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হয়। মুখমণ্ডলত পকা দাড়ি থকা বগা বৰণৰ বৃ্দ্ধৰ কোনো লোকে সন্ধান পালে 6900347868 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনায়।