লালুকঃ মানুহে এতিয়া জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷ ঘৰৰ পৰা পৰিয়ালৰ সদস্য এগৰাকী ওলাই যোৱাৰ পিছত পৰিয়ালৰ লোকসকলে চিন্তাত দিনটো পৰা কৰিব লগা হয়৷ পৰিয়ালৰ সদস্যগৰাকী ঘৰলৈ সময়মতে আহিব নে নাই তাৰ চিন্তাত দিন পৰা কৰিব লগা হয়৷

এতিয়া কোনে কাৰ আক্ৰোশৰ বলি হয় প্ৰাণ হেৰুৱাব লগা হয় তাৰ ঠিক নাই৷ লখিমপুৰৰ এটি পৰিয়ালে এতিয়া তেনেদৰেই দিন পাৰ কৰিব লগা হৈছে৷ লখিমপুৰ জিলাৰ লালুকৰ এগৰাকী বোৱাৰী যোৱা ৩০ ঘন্টা ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

বৃহস্পতিবাৰে দুপৰীয়া লালুকৰ কৃষ্ণ বৰুৱাৰ পত্নী পম্পা দত্তই ঘৰৰ পৰা ওলাই গৈ ৩০ ঘন্টা ধৰি ঘৰলৈ উভতি নহাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লালুকৰ পৰা নাহৰলগুনলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হয় মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে লালুকৰ মাতৃ গৃহলৈ আহি উভটি যোৱাৰ সময়ত নিৰুদ্দেশ হয়৷ পম্পা দত্তৰ স্বামী কৃষ্ণ বৰুৱাই কৰ্ম সূত্ৰে অৰুণাচলৰ নাহৰলগুনত থাকে৷ পত্নী তথা দুটি সন্তানৰ মাতৃ পম্পা দত্তই নিৰুদ্দেশ সন্দৰ্ভত বান্দৰদেৱা আৰক্ষীক অৱগত কৰে যদিও কোনো শুংসুত্ৰ উদ্ধাৰ হোৱা নাই৷