আইজলঃ মিজোৰামৰ ৰাজধানী আইজলত আজি হাজাৰ হাজাৰ লোকে নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যখনৰ গৃহ বিভাগৰ সচিব লালনুনমাৱিয়া চুউংগোক নিৰ্বাচন বিষয়াগৰাকীয়ে বদলি কৰাত নাগৰিক সমাজ আৰু নিৰ্বাচনী কাৰ্যালয়ৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।

ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ২৮ নৱেম্বৰত অনুষ্ঠিত হ’ব। আইজলৰ সকলো স্কুল, কাৰ্যালয় আৰু দোকান-পোহাৰ আদি বন্ধ হোৱা পৰিলক্ষিত হৈছে। আইজলৰ লগতে মমিত চহৰখনো আজি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।  

নিৰ্বাচনৰ আগে আগে নিৰ্বাচনী কাৰ্যালয়ৰ লগত নাগৰিক সমাজৰ হোৱা এই সংঘাতে প্ৰশাসনক চিন্তিত কৰি তুলিছে। পৰিস্থিতি নিয়ন্ত্ৰণ তথা জনতাৰ সৈতে আলোচনা কৰিবৰ বাবে তিনিজনীয়া চৰকাৰী প্ৰতিনিধিৰ দল প্ৰেৰণ কৰা হৈছে।

মন কৰিবলগীয়া যে মিজোৰামৰ নাগৰিক সমাজ গিৰ্জাৰ পৃষ্ঠপোষকতাৰ অতি শক্তিশালী সামাজিক সংগঠন।

এই সংঘাতৰ পাছতে মুখ্যমন্ত্ৰী লাল থানহাওলাই মুখ্য নিৰ্বাচন বিষয়া এছ বি শশাংকক অপসাৰণ কৰিবৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

গৃহ সচিব চুউংগোৱে ত্ৰিপুৰাৰপৰা ২২ বছৰ পূৰ্বে মিজোৰামলৈ অহা ব্ৰু শৰনাৰ্থীসকলক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতা কৰাত নিৰ্বাচন বিভাগ আৰু গৃহ সচিবজনৰ মাজত সংঘাতে দেখা দিছিল।