নিশাৰ নীৰৱতাৰ পিছত পুৱা দোকমকালিতেই উথপথপ লাগে মিজোৰামৰ ৰাজধানী আইজলত। এই চহৰখনৰ সৰহ সংখ্যক লোকৰ দিনটোৰ ব্যস্ততা আৰম্ভ হয় পুৱা ৫ বজাৰ পৰাই। পুৱাৰ এই পৰিৱেশত কোনোবাই যদি মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহে, একাংশ পুৰুষ-মহিলাই আকৌ এন্ধাৰ-পোহৰৰ মায়াসনা পদপথত চাহ-নাস্তাৰ দোকান খুলি গ্ৰাহকৰ বাবে অপেক্ষা কৰে। দুচকীয়া আৰু তিনি চকীয়া টেক্সি ষ্টেণ্ডবোৰতো আৰম্ভ হয় ব্যস্ততা। 

আইজলত প্ৰতিটো পুৱা এনেদৰেই আৰম্ভ হয়। মানুহবোৰৰ ব্যস্ততা দেখি আপোনাৰ এবাৰলৈও অনুভৱ নহ’ব যে এইখন মিজোৰামতে আৰু মাত্ৰ দুসপ্তাহ পিছত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। হয়তো এইবাৰ চৰকাৰ সলনি হ’বও পাৰে, অন্যথা একেখন চৰকাৰেই পুনৰ চহৰখনৰ ভাগ্য নিৰ্ণয় কৰিবও পাৰে।

প্ৰচাৰবিহীন নিৰ্বাচন! নাই বেনাৰ, নাই হৰ্ডিং

মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অহা ৭ নৱেম্বৰত। তাৰ পিছতে ৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। ৰাজ্যখনৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বীসকলৰ মাজত ইতিমধ্যেই নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততা আৰম্ভ হৈছে। দলসমূহে নিজৰ নিজৰ ৰণনীতি প্ৰস্তুত কৰিছে, মিজোৰামবাসীৰ বাবে নতুন নতুন প্ৰতিশ্ৰুতি ঘোষণা কৰিছে। খোদ প্ৰধানমন্ত্ৰীয়েও কিছুদিন পূৰ্বে মিজোৰাম ভ্ৰমণ কৰি গৈছে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়েও মিজোৰামলৈ আহি দুচকীয়া টেক্সিত যাত্ৰা কৰি নিৰ্বাচনী ৰণডংকা বজাই থৈ গৈছে এই সপ্তাহতে।

কিন্তু ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰ বহু পৰিমাণে পৃথক। নিৰ্বাচন বুলি ক’লেও দেশৰ অন্য ৰাজ্যত ৰাজপথৰ কাষে চকুত পৰে ৰাজনৈতিক দলৰ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি লিখা থকা বৰ বৰ হৰ্ডিং, বেনাৰ। কি বিদ্যুতৰ খুঁটা, কি খালী পকী দেৱাল- নিৰ্বাচনলৈ এমাহ-ডেৰমাহ বাকী থকা সময়তে সকলো ভৰি পৰে ভোট ভিক্ষা কৰা ৰাজনৈতিক দলৰ পোষ্টাৰেৰে। গাঁও-চহৰৰ প্ৰান্তে প্ৰান্তে লাউড স্পীকাৰত বজোৱা ৰাজনৈতিক দলৰ প্ৰচাৰমূলক গীত-প্ৰতিশ্ৰুতিৰ শ্লোগানেৰে ৰজনজনাই থাকে আকাশ-বতাহ। 

কিন্তু নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ দুসপ্তাহ থকাৰ পিছতো মিজোৰামত এনে নিৰ্বাচনী প্ৰচাৰ নাই। নিতৌৰ দৰেই স্বাভাৱিক হৈ আছে আইজলৰ জীৱন যাত্ৰা। চহৰখনৰ মাজেৰে আপুনি পাৰ হৈ গ’লে আপোনাৰ চকুত এখনো ডাঙৰ নিৰ্বাচনী হৰ্ডিং, বেনাৰ বা পোষ্টাৰ আপোনাৰ চকুত নপৰিব। দিনৰ দিনটো আপুনি শুনিম বুলি অপেক্ষা কৰি ৰ’লেও আপুনি শুনিবলৈ নাপাব লাউড স্পীকাৰত বজোৱা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ শ্লোগান। এইখন ৰাজ্যত কোনো ৰাজনৈতিক দলে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাবও নোৱাৰে।

দৰাচলতে মিজোৰামত নিকা আৰু নৈতিক নিৰ্বাচনী সংস্কৃতিৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে ২০১৮ চনত সকলো ৰাজনৈতিক দলৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল। ভাৰতীয় নিৰ্বাচন আয়োগ আৰু গীৰ্জা সমৰ্থিত নিৰ্বাচন চোৱাচিতাকাৰী গোট মিজোৰাম পিপলছ ফ’ৰামৰ নিৰ্দেশনা মানি চলিবলৈ সন্মত হৈ তেতিয়াই ৰাজনৈতিক দলসমূহে স্বাক্ষৰিত কৰিছিল এই চুক্তি। এই চুক্তি মতেই ৰাজনৈতিক দলেই মানুহৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্য নিষিদ্ধ কৰা হৈছিল।

চুক্তি অনুসৰি ৰাজনৈতিক দলসমূহে সুনিৰ্দিষ্ট ঠাইৰ বাদে ৰাজহুৱা স্থানত জধে-মধে হৰ্ডিং, বেনাৰ, পোষ্টাৰ, লাউডস্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰে। এই চুক্তিত ভোটাৰক প্ৰচাৰ সামগ্ৰী আৰু প্ৰৰোচনাৰ অত্যধিক ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। দলসমূহে মিজো জনগোষ্ঠীৰ স্থানীয় পৰম্পৰা আৰু ৰীতি-নীতিক সন্মান জনাই প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত কোনো ধৰণৰ নেতিবাচক বা ব্যক্তিগত আক্ৰমণৰ পৰা আঁতৰি থাকিব লাগিব বুলি ৰাজনৈতিক দলসমূহক নিয়ম বান্ধি দিয়া হৈছে। 

মিজোৰামৰ শান্ত পৰিৱেশৰ এয়াই কাৰণ। নিৰ্বাচনৰ দুসপ্তাহ আগলৈও প্ৰতিদিনৰ দৰেই ব্যস্ততা দেখিবলৈ পোৱা যায় আইজল আৰু অন্য প্ৰান্তৰ ৰাজপথত। পথৰ কাষত নাই কোনো নিৰ্বাচনী হৰ্ডিং, নাই লাউডস্পীকাৰৰ কাণ তাল মৰা শব্দ। অৱশ্যে চহৰখনত অৱস্থিত দলীয় কাৰ্যালয়সমূহৰ সন্মুখত আঁৰি থোৱা দলৰ পতাকা আৰু প্ৰচাৰ হৰ্ডিঙে ৰাজ্যখনলৈ আগমন ঘটা নিৰ্বাচনী বতৰৰ ইংগিত দি আছে।

মিজোৰামত এইবাৰ কি নিৰ্বাচনী ইছ্যু?

প্ৰায় ১৩ লাখ ৮০ হাজাৰ জনসংখ্যাৰ উত্তৰ-পূবৰ এই সৰু পাহাৰীয়া ৰাজ্যখনত দুৰ্নীতি, নিবনুৱা সমস্যা, স্বাস্থ্য সেৱা, অবৈধ অনুপ্ৰৱেশ আদি বহু ৰাজনৈতিক সমস্যাই সাধাৰণ জনতাক বছৰ বছৰ ধৰি উদ্বিগ্ন কৰি আহিছে। ইয়াৰ বাহিৰেও আগন্তুক নিৰ্বাচনত মণিপুৰৰ হিংসা আৰু ম্যানমাৰত সামৰিক অভিযানৰ বাবে পলায়ন কৰা শতাধিক চীন, কুকি-জোমি শৰণাৰ্থীৰ বিষয়টোও চৰ্চিত হৈ পৰা বুলি মন্তব্য কৰে একাংশ ৰাজনৈতিক বিশেষজ্ঞই।

মিজোৰাম বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক জে ডংগলৰ মতে, এইবাৰ ৰাজ্যখনৰ নিৰ্বাচনত একাধিক স্থানীয় বিষয়েহে মূলতঃ প্ৰাধান্য লাভ কৰিব। তেওঁৰ মতে মিজোৰামত এইবাৰ মূল যুঁজখন হ’ব এমএনএফ আৰু জেডপিএমৰ মাজত। ম্যানমাৰ আৰু মণিপুৰৰ পৰা আশ্ৰয় বিচাৰি ৰাজ্যখনলৈ অহা শৰণাৰ্থীৰ বিষয়টো নিৰ্বাচনী ইছ্যু হিচাপে গুৰুত্বপূৰ্ণ হৈ পৰিব বুলিও মন্তব্য কৰে অধ্যাপক ডে ডংগলে।

অধ্যাপক ডংগলে কয়, "যেতিয়া মানুহে মণিপুৰৰ হিংসাৰ বিৰুদ্ধে আইজলৰ ৰাজপথত প্ৰতিবাদী সমদল উলিয়াইছিল, তেতিয়া ইয়াৰ প্ৰতিজন ব্যক্তিয়ে সেই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছিল। আনকি মুখ্যমন্ত্ৰী জোৰামথাংগাও ৰাইজৰ সৈতে এই সমাৱেশত উপস্থিত হৈছিল। সেয়েহে এমএনএফে এই বিষয়টোক সৰ্বাধিক গুৰুত্ব দিছে। এমএনএফৰ কাৰ্য্যকালত বহু ক্ৰুটি-বিচ্যুতি ৰৈ যোৱাটো স্বাভাৱিক, কিন্তু দলটোৱে আৰম্ভণিৰে পৰাই সাধাৰণ জনতাৰ লগত থিয় দি নিজৰ প্ৰভাৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।"

২০২১ চনত ম্যানমাৰত সংঘটিত সামৰিক অভ্যুত্থানৰ পিছৰে পৰা মিজোৰামত প্ৰৱেশ কৰি আহিছে শৰণাৰ্থী। চলিত বৰ্ষৰ এপ্ৰিল মাহত গৃহ মন্ত্ৰালয়ে মিজোৰাম আৰু মণিপুৰ চৰকাৰক নিজৰ ৰাজ্যৰ "অবৈধ অনুপ্ৰৱেশকাৰী"ৰ বায়'মেট্ৰিক আৰু জীৱনীমূলক তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু এন ডি এৰ মিত্ৰ হৈ থকাৰ পাছতো মুখ্যমন্ত্ৰী জোৰামথাংগাই সেইসকল লোকৰ সৈতে জড়িত বায়’মেট্ৰিক আৰু অন্যান্য তথ্য সংগ্ৰহ কৰিবলৈ অস্বীকাৰ কৰে।

মুখ্যমন্ত্ৰী জোৰামথাংগাৰ নেতৃত্বত গঠিত মিজো নেচনেল ফ্ৰণ্টে ম্যানমাৰৰ চীন আৰু মণিপুৰৰ পৰা কুকি-জোমি শৰণাৰ্থীৰ বিষয়টোক ‘মিজো জাতীয়তাবাদ’ বুলি অভিহিত কৰিছে। এইটোৱেই একমাত্ৰ বিষয় যাৰ ভিত্তিত আঞ্চলিক দলটোৱে পুনৰ ক্ষমতালৈ আহিব বিচাৰিছে। এম এন এফে এই ইছ্যুটোক মূল প্ৰাধান্য দিয়েই প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণনীতি।

আচলতে এম এন এফৰ ইতিহাস ‘মিজো জাতীয়তাবাদ’ৰ সৈতে জড়িত। সেয়েহে দলটোৱে তেওঁলোকৰ চৰকাৰে চীন, কুকি-জোমি শৰণাৰ্থী আৰু তেওঁলোকৰ সন্তানক যিদৰে সহায় কৰিছে, তাৰ বিনিময়ত তেওঁলোকে ইয়াত ভোটাৰৰ সমৰ্থন লাভ কৰিব বুলি দৃঢ় বিশ্বাসী হৈ আছে।

এম এন এফৰ উপ-সভাপতি তথা লোকসভাৰ প্ৰাক্তন সাংসদ ভানলালজাৱমাই কয়, "আমাৰ বাবে চীন, কুকি-জোমি শৰণাৰ্থীৰ এই বিষয়টো এটা ডাঙৰ বিষয়। ১৯৬১ চনত এম এন এফৰ জন্ম হৈছিল মিজো জাতীয়তাবাদৰ পৰা আৰু সেয়াই ইয়াৰ ভেটি। আমাৰ নীতি হৈছে সেই সকলোকে সুৰক্ষা দিয়া। আমাৰ লক্ষ্য হৈছে মিজো জনসংখ্যা বসতি স্থাপন কৰা অঞ্চলসমূহক এটা প্ৰশাসনৰ অধীনলৈ অনা।"

তেওঁ কয়, "মুখ্যমন্ত্ৰী জোৰামথাংগাই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল, য'ত ম্যানমাৰৰ পৰা অহা লোকসকলক ঘূৰাই পঠিয়াব বুলি কোৱা হৈছিল। ম্যানমাৰৰ চীন, কুকি-জোমি আৰু মিজো, আমি সকলোৱে একেটা জো জনগোষ্ঠীৰ অন্তৰ্গত। যিহেতু তেওঁলোক একে বংশৰ, গতিকে তেওঁলোকে সন্মুখীন হোৱা যিকোনো দুখ আমাৰ আৱেগৰ সৈতে জড়িত।"

'প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ এনএমএফ, শৰণাৰ্থীৰ আৱেগেৰে ক্ষমতা দখলৰ প্ৰয়াস চলাইছে’

মিজোৰামত দ্ৰুতগতিত উত্থান ঘটাবলৈ সক্ষম হোৱা আঞ্চলিক দল জেড পি এম, কংগ্ৰেছ, বিজেপি আৰু অসামৰিক সংগঠনসমূহে শৰণাৰ্থীৰ বিষয়টোক নিৰ্বাচনী বিষয় হিচাপে গণ্য কৰিব নিবিচৰা পৰিলক্ষিত হয়। তেওঁলোকৰ অভিযোগ যে এম এন এফ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে। সেয়ে এতিয়া জোৰামথাংগাই নিৰ্বাচনত জনতাৰ আৱেগৰ সুবিধা ল’ব বিচাৰিছে।

২০১৮ চনৰ নিৰ্বাচনত ৮খন আসন লাভ কৰি মূল বিৰোধীৰ ভূমিকা পালন কৰা জেড পি এমৰ জ্যেষ্ঠ নেতা আৰু আইজল পশ্চিমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা টিবিচি লালভেঞ্চুংগাই কয়, “এমএনএফে চীন, কুকি-জোমি শৰণাৰ্থীৰ বিষয়টো নিৰ্বাচনী ইছ্যু কৰিব বিচাৰিছে। আচলতে এম এন এফে পূৰ্বৰ ইস্তাহাৰত ফ্লাই অভাৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি আৰ্ত পৰিয়ালক ৩ লাখ টকাৰ সাহায্য প্ৰদান কৰালৈকে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে এই প্ৰতিশ্ৰুতি পূৰণ কৰা নাই, গতিকে নিৰ্বাচনত তাৰ পৰিণাম ভোগ কৰিবই লাগিব। মণিপুৰ আৰু ম্যানমাৰৰ নিৰ্যাতিত চীন, কুকি-জোমি সকলৰ সৈতে আমাৰ তেজৰ সম্পৰ্ক আছে। গতিকে সকলো মিজো মানুহে তেওঁলোকক সহায় কৰি আছে। এয়া নিৰ্বাচনী ইছ্যু নহয়।"

কংগ্ৰেছে কয় যে এই নিৰ্বাচনত চীন, কুকি-জোমি শৰণাৰ্থীক সহায় কৰাৰ নামত ভোট লাভ নকৰে শাসকীয় দলটোৱে। মিজোৰাম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি ভানলালাৱামপুই চাউংথুৱে কয়, "ক্ষমতাত থকা সময়ত নিজৰ জনসাধাৰণক সহায় কৰাটো শাসকীয় চৰকাৰৰ কৰ্তব্য। মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বাবে ইয়ালৈ আশ্ৰয় বিচাৰি অহা লোকসকলক মিজোৰামৰ প্ৰতিজন নাগৰিকে সহায় কৰিছে। কেৱল ইয়াৰ বাবেই মানুহে কোনো দলক ভোট নিদিয়ে।"

কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা ধন সন্দৰ্ভত বিজেপিয়ে পূৰ্বৰ মিত্ৰদল এম এন এফৰ বিৰুদ্ধে উত্থাপন কৰিছে দুৰ্নীতিৰ অভিযোগ। এইবাৰৰ নিৰ্বাচনী ইছ্যু আৰু ইয়াৰ ৰণকৌশল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মিজোৰাম প্ৰদেশ বিজেপিৰ সভাপতি ভানলালহমুৱাকাই কয়, "আমাৰ বাবে ইয়ালৈ অহা শৰণাৰ্থী ভাই-ভনীৰ বিষয়টো কোনো ইছ্যু নহয়। আমাৰ বাবে মিজোৰামৰ উন্নয়ন প্ৰথম অগ্ৰাধিকাৰ। এমএনএফে শৰণাৰ্থীসকলৰ নামত ৰাজনৈতিক নাটক কৰি আছে।"

'আশ্ৰয় বিচাৰি অহা শৰণাৰ্থী কোনো নিৰ্বাচনী ইছ্যু নহয়’

মিজোৰামৰ আটাইতকৈ প্ৰভাৱশালী খ্ৰীষ্টান সংগঠন ইয়ং মিজো এছ’চিয়েশ্যনৰ চাৰি লাখৰো অধিক সদস্যই বৰ্তমান ম্যানমাৰ আৰু মণিপুৰৰ হিংসাৰ বলি হৈ মিজোৰামলৈ আশ্ৰয় বিচাৰি অহা লোকসকলক সহায় আগবঢ়াই আছে। ইয়ং মিজো এছ’চিয়েশ্যনৰ এজন জ্যেষ্ঠ নেতাই নাম প্ৰকাশ নকৰাৰ চৰ্তত সংবাদ মাধ্যমৰ আগত কয়, "আশ্ৰয় বিচাৰি ইয়ালৈ অহা লোকৰ বিষয়টো মিজোৰামৰ জনসাধাৰণৰ বাবে নিৰ্বাচনী ইছ্যু হ'ব নোৱাৰে। এই নিৰ্বাচনত ৰাইজে কৈছে বৰ্তমান চৰকাৰৰ দুৰ্নীতিৰ কথা। জনতাই স্বাস্থ্য সুবিধাৰ অভাৱৰ কথা কৈছে। প্ৰায় ১৪ লাখ মিজোৰামৰ জনসংখ্যাৰ বাবে ৰাজ্যখনত মাত্ৰ এখন চিকিৎসা মহাবিদ্যালয় আছে। এনে অৱহেলিত ৰাজ্যত শৰণাৰ্থী প্ৰসংগক কেনেকৈ এটা ইছ্যু বনাব পাৰি?"

উল্লেখ্য যে, মিজোৰাম বিধানসভাৰ মুঠ ৪০খন আসনৰ বাবে অহা ৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৰাজ্যখনত মূল প্ৰতিদ্বন্দ্বিতা দুই আঞ্চলিক দল এম এন এফ আৰু জোৰাম পিপলছ মুভমেণ্ট (জেড পি এম)ৰ মাজতে হ’ব বুলি অনুমান কৰিব পাৰি।


প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পিছত প্ৰায় ২২ বছৰ ধৰি ৰাজ্যখনত শাসন কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছে। কিন্তু সময়ৰ লগে লগে এতিয়া মিজোৰামত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে কংগ্ৰেছ। অৱশ্যে ৰাহুল গান্ধীৰ শেহতীয়া মিজোৰাম ভ্ৰমণে ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি পূৰ্বৰ তুলনাত কিছু সুস্থিৰ কৰা বুলি মিজোৰামৰ কেইবাগৰাকীও ৰাজনৈতিক বিশ্লেষকে দাবী কৰে।

ইফালে, মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পিছত উত্তৰ-পূবৰ যিকোনো ৰাজ্যত বিজেপিৰ এইটোৱেই প্ৰথম নিৰ্বাচন। খ্ৰীষ্টান প্ৰধান ৰাজ্যখনত গেৰুৱা দলটোৱে যোৱা নিৰ্বাচনত এখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতি মিজোৰামৰ দৰে খ্ৰীষ্টানপ্ৰধান ৰাজ্যখনত ভোটাৰক প্ৰভাৱিত কৰিবলৈ যথেষ্ট নহয় বুলি মন্তব্য কৰে ৰাজনৈতিক বিশ্লেষকে।

মিজোৰাম এইবাৰ কাৰ দখলত?

আইজল চহৰৰ এখন হোটেলত কাম কৰে চাংছাংগা নামৰ এগৰাকী ২৪ বৰ্ষীয় স্থানীয় যুৱকে। যোৱাবাৰ তেওঁ এম এন এফৰ পক্ষত ভোট দিছিল। কিন্তু এইবাৰ তেওঁ বিকল্পৰ কথা চিন্তা কৰিছে। তেওঁ কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়, "এইবাৰ মই কাক ভোট দিম সেইটো সিদ্ধান্ত লোৱা নাই। কিন্তু মই ক'ব পাৰো যে সেয়া কেৱল আঞ্চলিক দল হ'ব। মই বিজেপিৰ কথা ভবা নাই।"

বিধানসভা ভৱনৰ সমীপতে ষ্টেচনাৰীৰ দোকান চলোৱা ৪৯ বছৰীয়া ছানাইও একেধৰণৰ কথাকে ভাবিছে। সাংবাদিকে নিৰ্বাচনৰ বিষয়ে সোধাত তেওঁ কয়, "মিজোৰামৰ মানুহে ইছ্যুতকৈ প্ৰাৰ্থীৰ ওপৰত ভিত্তি কৰি ভোট দিয়ে। কংগ্ৰেছে দীৰ্ঘদিন ধৰি শাসন কৰি আহিছে। এতিয়া আঞ্চলিক দলেই একমাত্ৰ আশা। আমাৰ মহিলাৰ বহু ইছ্যু আছে, কিন্তু তাৰ ওপৰত কোনো ধৰণৰ আলোচনা হোৱ নাই। সেইবাবেই ভোটদানৰ প্ৰতি মোৰ কোনো উৎসাহ নাই।"

২০১৮ চনৰ নিৰ্বাচনত মিজো নেশ্যনেল ফ্ৰণ্টে ৩৭.৮ শতাংশ ভোটৰ অংশীদাৰিত্বৰে ৪০খন আসনৰ ভিতৰত ২৬খন আসনত জয়লাভ কৰিছিল। ফলাফলত জেডপিএমে ৮খন, কংগ্ৰেছে ৫খন আৰু বিজেপিয়ে ১খন আসন লাভ কৰিছিল।

বৰ্তমান ম্যানমাৰৰ পৰা পলায়ন কৰা প্ৰায় ৪০ হাজাৰ লোকে মিজোৰামত পৰিয়ালসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আছে। আনহাতে মণিপুৰৰ হিংসাৰ বাবে অহা ১২ হাজাৰৰো অধিক কুকি-জোমি লোকে মিজোৰামত আশ্ৰয় লৈছে।

তিনি বছৰ পূৰ্বে ম্যানমাৰৰ সীমান্তৱৰ্তী প্ৰদেশৰ পৰা পত্নী আৰু তিনি সন্তানৰ সৈতে নিজৰ জীৱন ৰক্ষাৰ বাবে মিজোৰামলৈ অহা জোআ (নাম সলনি কৰা)ই মিজো জনগোষ্ঠীৰ সৈতে তেওঁৰ বংশাৱলী সম্পৰ্কৰ বাবে এই নিৰ্বাচনী বিষয়টো আৱেগিক বিষয় বুলি মন্তব্য কৰে। তেওঁ বিবিচিৰ সাংবাদিকৰ আগত কয়, "আমি ইয়াত আমাৰ সন্তানৰ সৈতে নিৰাপদ। মিজোৰামৰ জনসাধাৰণে আমাক শৰণাৰ্থীৰ দৰে নহয়, ভাই-ভনীৰ দৰে আকোৱালি লৈছে। ৰাজ্য চৰকাৰ আৰু ৱাই এম এৰ দৰে বহু অসামৰিক সংগঠনে আমাক যথেষ্ট সহায় কৰিছে। আমি ইয়াত কেৱল শৰণাৰ্থীহে। গতিকে মিজোৰামৰ জনসাধাৰণে সিদ্ধান্ত ল'ব কোন দলে পৰৱৰ্তী চৰকাৰ গঠন কৰিব।"

মণিপুৰৰ পৰা পলায়ন কৰা কুকি-জোমি জনগোষ্ঠীৰ ৬২টা পৰিয়ালে আইজলৰ ফেলকন অঞ্চলত অৱস্থিত ৰে কমপ্লেক্সত প্ৰায় পাঁচ মাহ ধৰি নিজৰ সন্তান আৰু বয়োজ্যেষ্ঠ সদস্যসকলৰ সৈতে বাস কৰি আহিছে। মণিপুৰৰ চাণ্ডেল জিলাৰ চুগুনু জোভেং গাঁৱৰ বাসিন্দা জন থাং ৱাং লিয়ানে মিজোৰামৰ নিৰ্বাচন সন্দৰ্ভত কয়, "মিজোৰামত নিৰ্বাচনী বিষয়টো কি সেই বিষয়ে কোৱাৰ আমাৰ কোনো অধিকাৰ নাই। মিজো আৰু আমাৰ জনগোষ্ঠীৰ মাজত তেজৰ সম্পৰ্ক আছে। মণিপুৰ চৰকাৰে আমাক নিৰাপত্তা নিদিলে। সেয়ে আমি তাৰ পৰা পলায়ন কৰিবলগীয়া হ'ল। এতিয়া আমাৰ শেষ বিকল্প মিজোৰাম চৰকাৰ যিয়ে আমাৰ সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতিব পাৰে।"