প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ দেশত চাৰিওফালে বিয়পি পৰিছে শিশু চোৰৰ ভুৱা বাতৰি৷ ফেচবুক, হোৱাটছআপ আদিৰ দৰে ছ’চিয়েল মাধ্যম সমূহৰ দ্বাৰা প্ৰচাৰ হোৱা এনে ভুৱা বাতৰিৰ বাবে এতিয়া নিজৰ ঠাইতে মানুহে ভয়ৰ জীৱন কটাবলগীয়া হৈছে৷ কেতিয়া ক্ষুব্ধ জনতাই আহি শিশু চোৰ বুলি আক্ৰমণ কৰি প্ৰাণ লয়, তাক লৈ ভিতীগ্ৰস্থ সময় পাৰ কৰিবলগীয়া হৈছে দেশৰ বিভিন্ন অঞ্চলৰ লোক৷ 

ইণ্ডিয়ান এক্সপ্ৰেছৰ সমীক্ষা মতে, ইতিমধ্যেই তামিলনাডু, অসম, মহাৰাষ্ট্ৰকে ধৰি দেশৰ ৯ খন ৰাজ্যত ২৭ জন লোক নিৰীহ লোকে শিশু চোৰৰ ভুৱা বাতৰিৰ কুপ্ৰভাৱত ক্ষুব্ধ জন্তাৰ গণ প্ৰহাৰত প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ এই বিষয়ক গম্ভীৰ ভাৱে লৈ আৰক্ষী প্ৰশাসনে ভুৱা বাতৰিত ভোল নাযাবলৈ জনতাক সজাগ কৰিবলৈ চেষ্টা কৰিছৗে যদিও সফল হোৱা নাই আৰক্ষী প্ৰশাসন৷ 

কৰ্ণাটকৰ মেংগালুৰু চহৰত ক্ষুব্ধ জনতাই শিশু চোৰ বুলি সন্দেহ কৰি এগৰাকী পিতৃকে গুৰুতৰ ভাৱে  প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ বৃহস্পতিবাৰে মেংগালুৰুত এটি ২ বছৰীয়া শিশু অপহৰণ কৰাৰ সন্দেহত ক্ষুব্ধ জনতাই ৩০ বৰ্ষীয় এজন ব্যক্তিক গণ প্ৰহাৰ কৰে৷

জানিব পৰা মতে জনতাৰ আক্ৰমণৰ বলি হোৱা খালিদ নামৰ লোকজনে তেওঁৰ দুবছৰীয়া সন্তানটোৰ সৈতে এখন অ’টোৰে যাত্ৰা কৰি আছিল৷ সেই সময়তে দুজন বাইক আৰোহীয়ে শিশুটিৰ কান্দোন শুনি অ’টোখনৰ পিছ লয়৷ 

খালিদে চাহ খাবৰ বাবে এখন ৰেষ্টুৰেন্টত সোমোৱাৰ পিছতে বাইক আৰোহী দুজনে তেওঁক শিশুটিৰ বিষয়ে সোধপোছ আৰম্ভ কৰে৷ যেতিয়া খালিদে শিশুটিৰ বিষয়ে কোনো সন্তোষজনক উত্তৰ দিব নোৱাৰা বুলি ভাৱিলে, তেতিয়াই যুৱক দুজনে খালিদক শিশু চোৰ বুলি সন্দেহ কৰি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ কিছু সময়ৰ ভিতৰতে আন কেইবাজনো লোক ঘটনাস্থলীত উপস্থিত হৈ খালিদ নামৰ লোকজনৰ মাৰধৰ কৰিবলৈ আৰম্ভ কৰে৷

আনহাতে ঘটনা সংঘটিত হৈ থকা সময়তে এজন ব্যক্তিয়ে আৰক্ষীক ঘটনাৰ বিষয়ে ফোনযোগে আৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ক্ষুব্ধ জনতাৰ পৰা খালিদক ৰক্ষা কৰে৷ আৰক্ষীয়ে ঘটনাৰ সঠিক তদন্তৰ বাবে খালিদক আৰক্ষী থানালৈ লৈ গৈ তাত তেওঁৰ পত্নীকো মাতি পঠিয়ায়৷ 

পিছত আৰক্ষী থানাত খালিদৰ পত্নী উপস্থিত হৈ ভাষ্য প্ৰদান কৰাৰ পিছত এয়া নিশ্চিত হয় যে খালিদে কোলাত লৈ ফুৰা দুবছৰীয়া শিশুটি প্ৰকৃততে তেওঁলোকৰে সন্তান৷ ঘটনাৰ নিশ্চয়তা লাভ কৰাৰ পিছত আৰক্ষীয়ে খালিদক মুক্ত কৰি দিয়ে৷ আনহাতে, ঘটনা সন্দৰ্ভত খালিদে এতিয়ালৈকো কোনো ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা নাই বুলি জানিব পৰা গৈছে৷