প্ৰতীক ফটো
প্ৰতীক ফটো

মোৰাঝাৰঃ কংগ্ৰেছ চৰকাৰৰ আমোলত স্বাস্থ্য বিভাগৰ অধীনত অসমৰ প্ৰতিটো সমষ্টিত নিৰ্মাণ কৰা হৈছিল এখনকৈ আদৰ্শ চিকিৎসালয়। এই অনুযায়ী  হোজাই জিলাৰ লংকা উদালীৰ ফুলতলীতো এখন মডেল হাস্পতাল নিৰ্মাণ কৰা হয় যদিও আজি প্ৰায় দুটা বছৰ উকলি যোৱাৰ পিছতো আৰম্ভ নহল সংখালঘু এলেকাৰ চিকিৎসালয়খনৰ চিকিৎসা সেৱা।

বৃহত্তৰ উদালী, নখুটিৰ লগতে ময়না পথাৰৰ কাকী অঞ্চলবাসীৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা চিকিৎসালয়খন আজিলৈকে মুকলি নোহোৱাত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ'বলৈ বাধ্য হৈ পৰিছে স্থানীয় ৰাইজ।

এখনো উন্নত চিকিৎসালয় নথকাত প্ৰায় ২০-২৫ কি: মি: আঁতৰত থকা হোজাই জিলাৰ ব্যক্তিগত চিকিৎসালয়লৈ যাব লগা হয় অঞ্চলটোৰ ৰোগীসকলে।

বাট পথ দুৰ্গম হোৱাৰ বাবে স্থানীয় ৰাইজৰ লগতে বহু সংগঠনে হোজাই জিলাৰ উপায়ুক্তক আবেদন কৰিছিল যদিও আজি পৰ্যন্ত সু-ফল পোৱা নাই। দুই এগৰাকী নাৰ্ছক নিযুক্তি দিয়া হৈছিল যদিও চিকিৎসালয়খন সম্পূৰ্ণ হৈ নুঠাত তেওঁলোকে ওচৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সেৱা আগবঢ়াই আহিছে।

পৰিৱৰ্তনকামী চৰকাৰৰ ওচৰত চিকিৎসালয়খন শীঘ্ৰে মুকলি কৰিবলৈ স্থানীয় ৰাইজে আবেদন জনাইছে যদিও কেতিয়া আৰম্ভণি হয় সেয়া সময়েহে ক'ব।