দৃশ্যপট ১: লোকসভা নিৰ্বাচনৰ দিন চমু চাপিছে। ইয়াৰ পূৰ্বে এতিয়া দেশৰ প্ৰতিখন জিলাই জিলাই অনুষ্ঠিত হৈছে ৰথ যাত্ৰা। এই ৰথ যাত্ৰাৰ দায়িত্ব লৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়াই প্ৰচাৰ কৰিছে ২০১৪ চনৰ পৰা এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰীয়া কৃতিত্বৰ। প্ৰশাসনিক আমোলাৰ নেতৃত্বত বাহিৰ হোৱা এই ৰথ যাত্ৰাৰ বিশাল সমদলত হয়তো হাতে হাতে শাসকীয় দলৰ পতাকা লৈ সমৰ্থকসকলেও ভিৰ কৰিছে।

দৃশ্যপট ২: বছৰ বছৰ ধৰি আপোন ঘৰখনৰ পৰা দূৰৈত থাকি দেশ মাতৃৰ সেৱা আগবঢ়োৱা এগৰাকী ভাৰতীয় সেনা জোৱানে বাৰ্ষিক ছুটীত ঘৰলৈ উভতি আহিছে। কিন্তু পৰিয়ালৰ সৈতে সময় পাৰ কৰাৰ বাবে তেওঁৰ এতিয়া অৱকাশ নাই। কাৰণ ছুটীৰ সময়তো তেওঁৰ কান্ধত এক গধুৰ চৰকাৰী দায়িত্ব আছে। স্থানীয় ৰাইজক গোট খুৱাই তেওঁ চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰিবলগীয়া হৈছে। 

এই দুয়োটা দৃশ্যপটেই হয়তো শীঘ্ৰে বাস্তৱ হ’বলৈ গৈ আছে। কিয়নো কেন্দ্ৰীয় মোদী চৰকাৰে ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে গ্ৰহণ কৰিছে এক বিতৰ্কিত সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰৰ উদ্দেশ্য যদি পূৰণ হয়, তেন্তে এই দুয়োটা দৃশ্যই অতি সোনকালে বাস্তৱত পৰিৱৰ্তিত হোৱা দেখা যাব।

দৰাচলতে কেন্দ্ৰীয় চৰকাৰে বিগত ৯ বছৰৰ সাফল্যৰ প্ৰচাৰৰ বাবে আই এ এছ বিষয়াক ৰথ প্ৰভাৰী হিচাপে নিযুক্তি দিবলৈ সাজু হৈছে।

আনহাতে, শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক নিৰ্দেশত কোৱা হৈছে যে ছুটীত যোৱা ভাৰতীয় সেনাৰ জোৱানসকলে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত অংশ লোৱা প্ৰয়োজন আৰু স্থানীয় জনগোষ্ঠীৰ সৈতে গঠনমূলকভাৱে সংযোগ স্থাপন কৰাৰ প্ৰয়োজন। লগতে এই কাম কৰাৰ সময়ত তেওঁলোকে চৰকাৰী আঁচনিসমূহত অংশগ্ৰহণ কৰাৰ উপৰিও  প্ৰচাৰো কৰা উচিত।

এই দুয়োটা বিষয়ক লৈ এতিয়া ৰাজনীতি উত্তপ্ত হৈ পৰিছে আৰু আমোলাতন্ত্ৰ আৰু সেনাক ৰাজনীতিকৰণ কৰা হৈছে নে নাই সেই লৈ বিতৰ্কৰ সূচনা হৈছে।

'উন্নত ভাৰত সংকল্প যাত্ৰা' আৰু 'ৰথ প্ৰভাৰী'

১৮ অক্টোবৰত বিত্ত মন্ত্ৰালয়ৰ পত্ৰত প্ৰকাশ পাইছিল যে জিলা ৰথ প্ৰভাৰী হিচাপে পদৰ বাবে বিভাগসমূহৰ পৰা যুটীয়া সচিব, সঞ্চালক আৰু উপ সচিব পৰ্যায়ৰ বিষয়াৰ মনোনয়ন বিচৰা হৈছে। এই পত্ৰত কোৱা হৈছে যে ২০২৩ চনৰ ২০ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ২৫ জানুৱাৰীলৈ ভাৰত চৰকাৰে বিগত ৯ বছৰত লাভ কৰা সাফল্যসমূহ সমগ্ৰ দেশতে বিকাশ ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে গ্ৰাম পঞ্চায়তত তথ্য প্ৰচাৰ, সজাগতা আৰু সেৱা সম্প্ৰসাৰণৰ বাবে প্ৰদৰ্শন কৰা হ’ব আৰু ইয়াৰ বাবে এক উৎসৱ আয়োজন কৰাৰো প্ৰস্তাৱ দাঙি ধৰা হৈছে।

এই জিলা ৰথ প্ৰভাৰীসকলক দেশৰ ২.৬৯ লাখ গাঁও পঞ্চায়তক সামৰি ৭৬৫ খন জিলাতে নিয়োগ কৰা হ’ব। লগতে পত্ৰখনত উল্লেখ কৰা হৈছে যে ভাৰত চৰকাৰৰ যুটীয়া সচিব, সঞ্চালক, উপ-সচিবক ৰথ প্ৰভাৰী (বিশেষ বিষয়া) হিচাপে নিয়োগ কৰি ৰাথ যাত্ৰাৰ প্ৰস্তুতি, পৰিকল্পনা, কাৰ্যকৰীকৰণ, নিৰীক্ষণৰ সমন্বয়ৰ বাবে সিদ্ধান্ত লোৱা হৈছে।

এই পত্ৰৰ পিছতে প্ৰতিক্ৰিয়া বিৰোধীৰ

বিত্ত মন্ত্ৰণালয়ৰ উক্ত পত্ৰৰ কথা পোহৰলৈ অহাৰ পিছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ জয়ৰাম ৰমেশে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এক টুইটত তেওঁ লিখিছে, ‘এয়া নৰেন্দ্ৰ মোদীৰ আন এক অহংকাৰী আদেশ।' প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়ায়ো। অন্যহাতে বিৰোধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছতে শাসকীয় বিজেপিকো প্ৰতি আক্ৰমণ কৰা দেখা গৈছে।

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই টুইটযোগে লিখিছে, "মই দেখি আচৰিত হৈছো যে কংগ্ৰেছৰ আঁচনি ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱক লাভৰ সমস্যা আছে। যদি এয়া শাসন ব্যৱস্থাৰ মৌলিক নীতি নহয়, তেন্তে কি? " 

নাড্ডাই আৰু লিখিছে, "হয়তো কংগ্ৰেছ দলৰ বাবে এইটো এটা অজ্ঞাত ধাৰণা কিন্তু ৰাজহুৱা সেৱা আগবঢ়োৱাটো চৰকাৰৰ কৰ্তব্য। যদি মোদী চৰকাৰে সকলো আঁচনিৰ পৰিপূৰকতা নিশ্চিত কৰি সকলো হিতাধিকাৰীৰ ওচৰলৈ যাব বিচাৰে তেন্তে দুখীয়াৰ হিতৰ কথা চিন্তা কৰা কোনো ব্যক্তিৰেই কোনোধৰণৰ সমস্যা নহয়। কিন্তু কংগ্ৰেছে কেৱল দৰিদ্ৰসকলক দৰিদ্ৰ কৰি ৰখাৰ বাবেহে আগ্ৰহী আৰু সেইবাবেই তেওঁলোকে প্ৰতিবাদ কৰিছে।"

ইফালে আগ্ৰাসী স্থিতি গ্ৰহণ কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়ে ছ'চিয়েল মিডিয়াত লিখিছে, "সকলো চৰকাৰী সংস্থা, প্ৰতিষ্ঠান, শাখা আৰু বিভাগ এতিয়া আনুষ্ঠানিকভাৱে মোদী চৰকাৰৰ বাবে 'প্ৰচাৰক' হৈ পৰিছে! কিন্তু আমাৰ সশস্ত্ৰ বাহিনীৰ আমোলাতন্ত্ৰক ৰাজনীতিকৰণ কৰাৰ সেই আদেশসমূহ তৎক্ষণাত প্ৰত্যাহাৰ কৰা উচিত।” খৰ্গেয়ে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীলৈও এখন পত্ৰ প্ৰেৰণ কৰে।

পত্ৰখনত তেওঁ কয় যে চৰকাৰে চৰকাৰী বিষয়াক ৰথ প্ৰভাৰীৰ দায়িত্বত ৰখাৰ পৰিকল্পনা কেন্দ্ৰীয় অসামৰিক সেৱা (আচৰণ) নিয়ম, ১৯৬৪ৰ স্পষ্ট উলংঘা, য’ত কোনো চৰকাৰী কৰ্মচাৰীয়ে কোনো ৰাজনৈতিক কাৰ্যকলাপত অংশ ল’ব নালাগে বুলি নিৰ্দেশ দিয়া হৈছে। খৰ্গেয়ে কয়, ''যদিও চৰকাৰী বিষয়াসকলে তথ্য প্ৰচাৰ কৰাটো গ্ৰহণযোগ্য, তথাপিও ‘উদযাপন’ আৰু ‘প্ৰদৰ্শন’ৰ জৰিয়তে কৃতিত্ব প্ৰচাৰ কৰা কাৰ্যই স্পষ্টভাৱে তেওঁলোকক শাসকীয় দলৰ ৰাজনৈতিক কৰ্মীলৈ ৰূপান্তৰিত কৰে।’’

কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে যিহেতু বিগত ৯ বছৰৰ ‘সাফল্য’ৰ কথাহে চৰ্চা হৈছে, গতিকে এইটো স্পষ্ট যে পাঁচখন ৰাজ্যৰ নিৰ্বাচন আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ওপৰত চকু ৰাখি এয়া এক ৰাজনৈতিক সিদ্ধান্ত। তেওঁ কয় যে যদি বৰ্তমান চৰকাৰৰ কাৰ্য্যকলাপৰ প্ৰচাৰৰ বাবে বিভাগসমূহৰ জ্যেষ্ঠ বিষয়া নিযুক্তি দিয়া হৈছে তেন্তে অহা ৬ মাহৰ বাবে আমাৰ দেশৰ শাসন ব্যৱস্থা স্থবিৰ হৈ পৰিব।

খৰ্গেয়ে শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দিয়া নিৰ্দেশৰ বিষয়েও কয় যে "বাৰ্ষিক ছুটীত থকা সৈনিকসকলক চৰকাৰী আঁচনিৰ প্ৰচাৰত সময় কটাবলৈ নিৰ্দেশ দিয়া হৈছে। এনে কাৰ্যৰ জৰিয়তে চৰকাৰে সেনা জোৱানসকলক 'সৈনিক-দূত' কৰি তুলিছে বুলিও অভিযোগ কৰে।

তেওঁ কয় যে সেনা প্ৰশিক্ষণৰ দায়িত্বত থকা সেনা বিষয়াসকলক আমাৰ সৈনিকসকলক প্ৰশিক্ষণ প্ৰদান কৰি দেশ ৰক্ষাৰ বাবে সাজু হৈ থকাত গুৰুত্ব দিব লাগে, কিন্তু এতিয়া তেওঁলোকক চৰকাৰী আঁচনিসমূহ কেনেকৈ প্ৰচাৰ কৰিব পাৰি তাৰ চিত্ৰনাট্য আৰু প্ৰশিক্ষণৰ হাতপুথি প্ৰস্তুত কৰাত ব্যস্ত কৰি ৰখা হৈছে। খৰ্গেয়ে কয় যে গণতন্ত্ৰত সশস্ত্ৰ বাহিনীক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

তেওঁ লগতে কয়, "প্ৰতিজন সৈনিকৰ আনুগত্য দেশ আৰু সংবিধানৰ প্ৰতিহে আছে।" খাৰ্গেই আৰু কয়, “আমাৰ জোৱানসকলক চৰকাৰী আঁচনিৰ মাৰ্কেটিং এজেণ্ট হ’বলৈ বাধ্য কৰাটো সশস্ত্ৰ বাহিনীক ৰাজনীতিকৰণৰ দিশত এক বিপজ্জনক পদক্ষেপ। তদুপৰি আমাৰ দেশৰ প্ৰতি বহু মাহ বা বছৰ ধৰি কঠোৰ সেৱাৰ অন্তত আমাৰ জোৱানসকল বাৰ্ষিক ছুটীত আছে। তেওঁলোকে ৰাজনৈতিক উদ্দেশ্যত তেওঁলোকৰ ছুটী অপচয় কৰা উচিত নহয়।''

'চৰকাৰে কাম কৰক, নিৰ্বাচন হ'লেই হ'ব'

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যইও এই বিষয়ত বিৰোধীৰ বিৰোধিতাৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত প্ৰতি আক্ৰমণ কৰা দেখা গৈছে। মালব্যই এক্সত লিখিছে, "ভাৰত চৰকাৰৰ আমোলাসকলৰ চৰকাৰে কাৰ্যকৰী কৰা কাৰ্যসূচী আৰু আঁচনিৰ বিষয়ে কথা কোৱাৰ অধিকাৰ নাই বুলি কোনে কৈছে? তেওঁলোকে কেৱল কাৰ্যালয়ত বহি আঁচনিসমূহৰ মূল্যাংকনহে কৰিব লাগে নেকি? নিৰ্বাচিত চৰকাৰে উপযুক্ত বুলি বিবেচনা কৰাৰ দৰে জনসাধাৰণৰ সেৱা কৰাটোও আমোলাসকলৰ কৰ্তব্য।"

"কেৱল পাঁচখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সাধাৰণ নিৰ্বাচনলৈ সাত মাহ বাকী আছে বাবেই আমি শাসন কৰা বন্ধ কৰিব লাগে নেকি? আনকি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপেও, প্ৰতি বছৰে, নিৰ্বাচন নিৰ্বিশেষে, মোদীজীয়ে নিশ্চিত কৰিছিল যে তেওঁৰ আমোলাসকলে জুন-জুলাইৰ সময়ছোৱাত যাতে খেলপথাৰলৈ যায় আৰু সকলো বিদ্যালয়লৈ যোৱা শিশুৰ নাম ভৰ্তি নিশ্চিত কৰে। ই গুজৰাটত সাৰ্বজনীন শিক্ষা নিশ্চিত কৰিছে।"- মালব্যই কয়।

মালব্যই কয় যে একেদৰে পি এম আৱাস যোজনা (গ্ৰাম্য), ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান, পি এম কিষাণ, শস্য বীমা আঁচনি, পুষ্টি অভিযান, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, জন ঔষধি যোজনা, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আদিৰ দৰে কল্যাণমূলক আঁচনিসমূহো অহা ৬ মাহত সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব।

বিজেপিৰ নেতাজনে কয়, "সমগ্ৰ চৰকাৰে 'বিকাশ ভাৰত সংকল্প যাত্ৰা' নামৰ এক বৃহৎ অভিযানৰ অধীনত ২.৭ লাখ পঞ্চায়তত বিয়পি পৰিব, সম্ভাৱ্য হিতাধিকাৰীসকলৰ ওচৰলৈ যাব আৰু তেওঁলোকক নামভৰ্তি কৰিব। গতিকে চৰকাৰক কাম কৰিবলৈ দিয়ক, নিৰ্বাচন অনুষ্ঠিত হ'লে অনুষ্ঠিত হৈ হ'ব।"

"সমগ্ৰ চৰকাৰে ২.৭ লাখ পঞ্চায়তত বিয়পি পৰিব, সম্ভাৱ্য হিতাধিকাৰীৰ কাষ চাপিব আৰু তেওঁলোকক 'বিকাশ ভাৰত সংকল্প যাত্ৰা' নামৰ মেগা চেচুৰেচন অভিযানৰ অধীনত নামভৰ্তি কৰিব। গতিকে চৰকাৰে কাম কৰক, নিৰ্বাচন হ'লেই হ'ব।"

'আমোলাতন্ত্ৰ নিৰপেক্ষ'

দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগত কৰ্মৰত তথা সুপৰিচিত ৰাজনৈতিক বিশ্লেষক আৰু স্তম্ভলেখক অধ্যাপক অপূৰ্বানন্দই কেবাটাও ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা বাৰ্তালাপত কয়, "আমি যাক আধুনিক ৰাষ্ট্ৰ বুলি কও, তাৰ এটা বিশেষত্ব হ'ল আমোলাতন্ত্ৰ। আমোলাতন্ত্ৰ হ'ল এনে এক তন্ত্ৰ যি নেকি ৰাজনৈতিক কাৰ্যনিৰ্বাহকৰ পৰা আঁতৰত থাকে। অৰ্থাৎ ই ৰাজনৈতিকভাৱে নিৰপেক্ষ। গতিকে ইয়াৰ গণতান্ত্ৰিক মৰ্যাদা আছে। ৰাষ্ট্ৰৰ বাবে ই এটা গুৰুত্বপূৰ্ণ অংশ, কিন্তু ই ৰাজনৈতিকভাৱে নিৰপেক্ষ।"

তেওঁ লগতে কয় যে ভাৰতত আমোলাসকলক এনে এক প্ৰক্ৰিয়াৰ জৰিয়তে বাছনি কৰা হয় যিটো বস্তুনিষ্ঠ আৰু যিকোনো ৰাজনৈতিক নেতৃত্বৰ পৰা স্বাধীন। অধ্যাপক অপূৰ্বানন্দই আৰু কয়, "তেওঁলোক ৰাজনৈতিক নেতৃত্বৰ প্ৰতিনিধি নহয়। তেওঁলোকৰ কাম হ'ল নীতি নিৰ্ধাৰণ কৰি কাৰ্যকৰী কৰা, কিন্তু তেওঁলোকৰ কাম প্ৰচাৰ কৰা নহয়। যোৱা ৭৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইটো ঘটিছে। ইয়াৰ আগতে কেতিয়াও আমোলাতন্ত্ৰই আঁচনিবোৰৰ প্ৰচাৰৰ বাবে কোনো কাম কৰা নাছিল।"

অধ্যাপক অপূৰ্বানন্দৰ মতে বৰ্তমানৰ আমোলাতন্ত্ৰৰ পদ্ধতি ধ্বংস হৈ পৰিছে। তেওঁ কয়, "এতিয়া ৰাজনৈতিক মতাদৰ্শগত নেতৃত্ব আৰু আমোলাতন্ত্ৰৰ মাজত সম্পূৰ্ণ সমন্বয় ঘটিছে। আনহাতে আমোলাতন্ত্ৰ মতাদৰ্শগত প্ৰৱণতাৰ পৰা পৃথক হৈ থকা উচিত।" অধ্যাপক অপূৰ্বানন্দই কয় যে "যদি আমোলাতন্ত্ৰই যিকোনো এটা মতাদৰ্শ অনুসৰণ কৰিবলৈ আৰম্ভ কৰে, তেন্তে ই নতুন চৰকাৰৰ আগমনৰ বাবে বাধা হৈ পৰিব।"

তেওঁ কয়, "হয়তো ই সেই চৰকাৰখনক কাম কৰিবলৈ নিদিব, অথবা বাধাৰ সৃষ্টি কৰিব, নহয় একাংশ দেশত হোৱা সামৰিক অভ্যুত্থান সদৃশ ঘটনাৰ দৰে পৰোক্ষ অভ্যুত্থানৰ সূচনা কৰিব। গতিকে এইটো অতি বিপজ্জনক কথা। এয়া গণতন্ত্ৰ আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰক ধ্বংসৰ দিশে ঠেলি লৈ যোৱাৰ দৰেই বিপজ্জনক।"

'এয়া কেন্দ্ৰীয়-ৰাজ্যিক সম্পৰ্কৰ বিষয়'

চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আশুতোষ কুমাৰে কয়, "ৰাজীৱ গান্ধীয়ে সংসদত পঞ্চায়তী ৰাজ সম্পৰ্কীয় ৬৪ তম সংবিধান সংশোধনী অনাৰ সময়তো একে ধৰণৰ প্ৰয়াস কৰা হৈছিল। তাৰ আগতে, তেওঁ জিলা দণ্ডাধীশসকলৰ সৈতে বৈঠক আৰম্ভ কৰিছিল। গতিকে বিৰোধী ৰাজ্য চৰকাৰবোৰে অনুভৱ কৰিছিল যে তেওঁলোকক উপেক্ষা কৰা হৈছে। ১৯৮৯ আছিল নিৰ্বাচনী বছৰ আৰু ৰাজীৱ গান্ধীয়ে ১৯৮৮ চনত এই কাম আৰম্ভ কৰিছিল। গতিকে বিৰোধী দলবোৰে এই বিষয়টোত যথেষ্ট হুলস্থূল কৰিছিল আৰু ৰাজ্যসভাত এই সংশোধনী গৃহীত হ'বলৈ দিয়া নাছিল।“

অধ্যাপক আশুতোষে কয়, "মোদীৰ বিষয়েও কোৱা হয় যে তেওঁ সৰ্বভাৰতীয় সেৱাত কাম কৰা বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰে। আৰু এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে দেখুৱাবলৈ চেষ্টা কৰি আছে যে সৰ্বভাৰতীয় সেৱাৰ লোকসকল কেন্দ্ৰৰ লোক আৰু তেওঁলোকে কেন্দ্ৰীয় সেৱা নিয়মৰ অধীনত কাম কৰে।“ তেওঁ কয় যে "এই বিষয়টো কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্কৰ সৈতে সম্পৰ্কিত।" তেওঁৰ মতে, কেন্দ্ৰীয় চৰকাৰে আইএএছ বিষয়াসকলৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰি আছে।

"গতিকে সৰ্বভাৰতীয় সেৱাৰ সেৱাসমূহক পোনপটীয়াকৈ ব্যৱহাৰৰ জৰিয়তে তেওঁলোকক অনুভৱ কৰাবলৈ চেষ্টা কৰা হৈছে যে তেওঁলোক কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত আছে। কিন্তু ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰীয় চৰকাৰে কি কৰিবলৈ গৈ আছে সেই লৈ প্ৰশ্ন উত্থাপন কৰাৰ সম্ভাৱনা পূৰ্ণ মাত্ৰাই আছে।''

'সেনাক মতাদৰ্শগত কৰি তোলাটো অতি বিপদজনক'

অধ্যাপক অপূৰ্বানন্দৰ মতে, সেনাবাহিনীক এক বিশেষ মতাদৰ্শগত কৰি তোলাটো অতি বিপদজনক। তেওঁ কয়, "সেনাবাহিনীৰ কাম জাতীয়তাবাদ বা কোনো মতাদৰ্শৰ প্ৰচাৰ কৰা নহয়। সেনা চৰকাৰৰো মতৰ প্ৰচাৰক নহয়। কিন্তু আমি যোৱা কেইবছৰমানৰ পৰা দেখিবলৈ পাইছো যে আমাৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বীজন বিশেষ মতাদৰ্শৰ অনুগামী। তেওঁ এটা মতাদৰ্শৰ সৈতে জড়িত বক্তব্য দিবলৈ আৰম্ভ কৰিছে। এয়া অতি বিপজ্জনক।"

তেওঁ কয়, "আমেৰিকাত ট্ৰাম্পৰ সময়ত আৰক্ষী অধীক্ষকে থিয় হৈ কৈছিল যে তেওঁ কোনো পদৰ দ্বাৰা নহয়, সংবিধানৰ দ্বাৰাহে বান্ধ খাই আছে। গতিকে এয়া হৈছে সেই পদটোৰ স্বাধীনতা।"

অধ্যাপক অপূৰ্বানন্দৰ মতে, ভাৰতীয় সেনাই পেছাদাৰী সেনা হিচাপে বিশ্বজুৰি খ্যাতি অৰ্জন কৰি আহিছে।  ভাৰতৰ জনসাধাৰণে ভাৰতীয় সেনাক বিশ্বাস কৰে, প্ৰতিটো ধৰ্মৰ লোকে বিশ্বাস কৰে যে সংকটৰ পৰিস্থিতিত আমাৰ সেনাই কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ কাষত থিয় দিব।

সৈনিকে চৰকাৰী আঁচনিৰ প্ৰচাৰৰ বিষয় সন্দৰ্ভত অধ্যাপক আশুতোষ কুমাৰে কয়, "যদি এই কাম কৰা হৈছে তেন্তে সেয়া অতি ভুল। এনেবোৰ কথাত চৰকাৰখনৰ হতাশা আৰু ক্ষমতাৰ পৰা আঁতৰি যোৱাৰ ভয় স্পষ্ট হৈ পৰিছে। ইণ্ডিয়া মিত্ৰজোঁট গঠনৰ পিছত চৰকাৰৰ "উদ্বেগ" বহুত বৃদ্ধি পাইছে। এতিয়া আৰু কি কি কৰা হ'ব নাজানো।"

প্ৰতিৰক্ষা বিশেষজ্ঞ সুশান্ত সিঙে ইংৰাজী বাতৰি কাকত 'ডেক্কান হেৰাল্ড'ত লিখা এক লেখাত কয় যে এই অনুশীলনৰ উদ্দেশ্য ৰাষ্ট্ৰ নিৰ্মাণ বুলি কোৱা হৈছে, কিন্তু "সেনাৰ মুখ্য কাৰ্যালয়ে উল্লেখ কৰা প্ৰতিটো আঁচনিতে মোদী চৰকাৰৰ এক অনন্য ছাপ আছে। অন্যথা, ই ইউপিএ-যুগৰ এনআৰইজিএছ বা ৰাজস্থান, কেৰালা বা পঞ্জাৱৰ দৰে বিৰোধী পৰিচালিত ৰাজ্যৰ আঁচনিসমূহো ইয়াত তালিকাভুক্ত কৰিলেহেঁতেন।"

প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

সুশান্ত সিঙে লিখিছে যে স্পষ্টভাৱে এইটো এটা সম্পূৰ্ণ ৰাজনৈতিক পদক্ষেপ য'ত সেনাই ইয়াৰ জোৱানসকলক মোদী চৰকাৰৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰিবলৈ দিবলৈ সন্মত হৈছে। তেওঁ লিখিছে, "ইয়াত ৰাজনৈতিক উদ্দেশ্য স্পষ্ট। ২০১৪ চনৰ পৰা মোদীয়ে সেনা আৰু জনসাধাৰণৰ মনত সেনা জোৱানৰ সৈতে নিজৰ আৰু তেওঁৰ দলৰ বাবে এক পৰিচয় সৃষ্টি কৰিবলৈ যথেষ্ট চেষ্টা কৰি আহিছে।“

সিঙে আৰু লিখিছে যে ভাৰতৰ গণতান্ত্ৰিক আৰ্হি ইচ্ছাকৃতভাৱে সেনাক সমাজৰ পৰা পৃথক কৰি ৰখাৰ ওপৰত আধাৰিত, কিন্তু এই কথা এতিয়া শেষ হৈছে। "এই সৈনিকসকলক এতিয়া বিজেপিৰ অৰ্ধ-ৰাজনৈতিক কৰ্মী লৈ পৰিণত কৰা হ'ব, বা অধিক সঠিকভাৱে ক'বলৈ হ'লে ভাৰতীয় সেনা জোৱানসকলক মোদীৰ ৰাজনৈতিক দূতলৈ পৰিণত কৰা হ'ব।"

আমোলাতন্ত্ৰৰ ৰাজনীতিকৰণৰ ওপৰত বিতৰ্ক

আমোলাতন্ত্ৰৰ ৰাজনীতিকৰণ হৈছে দশক দশক ধৰি চৰ্চিত বিষয়। বিগত বছৰবোৰত অনুষ্ঠিত বহু নিৰ্বাচনত অৱসৰপ্ৰাপ্ত আই এ এছ বা আই পি এছ বিষয়াই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আশাত ৰাজনৈতিক দলৰ কাষ চপাৰ খবৰ পোৱাটো সাধাৰণ কথা আছিল। শেহতীয়াকৈ ওড়িশা কেডাৰৰ আই এ এছ বিষয়া ভি কে পাণ্ডিয়ানে স্বেচ্ছামূলক অৱসৰ লোৱাৰ মাত্ৰ এদিন পিছতে তেওঁক ওড়িশা চৰকাৰত কেবিনেট মন্ত্ৰীৰ মৰ্যাদা দিয়াত লাইমলাইটলৈ আহিছে। লগতে পাণ্ডিয়ান যে ওড়িশাৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আছিল আৰু ভৱিষ্যতে তেওঁক আৰু ডাঙৰ দায়িত্ব দিয়া হ’ব পাৰে সেয়াও গোপন হৈ থকা নাই।

প্ৰথমে আমোলা, আৰু পিছত ৰাজনীতিত প্ৰৱেশ কৰা এনে ৰাজনীতিবিদৰ এখন দীঘলীয়া তালিকা আছে। ইয়াৰে কিছুমান সুপৰিচিত নাম হ’ল যশৱন্ত সিনহা, নটৱাৰ সিং, এছ জয়শংকৰ, হৰদীপ সিং পুৰী, অজিত যোগী, মণি শংকৰ আয়াৰ, মেইৰা কুমাৰ আৰু অৰৱিন্দ কেজৰিৱাল।

আমোলাসকলে কাম কৰাৰ সময়ত ৰাজনৈতিক মতাদৰ্শৰ সৈতে জড়িত হয় নে নহয় সেয়াও এক বিতৰ্কৰ বিষয় হৈ পৰিছে। অৱসৰৰ পিছত যেতিয়া কোনো আমোলা ৰাজনৈতিক দলত যোগদান কৰে, তেতিয়া অভিযোগো উত্থাপন হয় যে সেই আমোলাজনে সেৱাত থকাৰ সময়ত একেটা ৰাজনৈতিক দলৰ স্বাৰ্থ ৰক্ষা কৰিছিল নেকি?

অধ্যাপক অপূৰ্বানন্দই কয় যে সকলোৰে ৰাজনৈতিক মতামত থাকিব পাৰে আৰু ৰাজনৈতিক মতামত থাকিলেহে কোনোবাই ভোট দিব। তেওঁ কয়, "আমোলাসকলেও ভোট দিয়ে আৰু তেওঁলোকে কেৱল শাসকীয় দলটোক ভোট দিয়াটো প্ৰয়োজনীয় নহয়। বিশেষ কথাটো হ'ল তেওঁৰ ৰাজনৈতিক মতামত যিয়েই নহওক কিয়, তেওঁ যে চৰকাৰৰ বাবে কাম কৰি আছে তাৰ বাটত বাধা আহিব নালাগে। কিন্তু যদি আপুনি তেওঁক প্ৰচাৰক কৰি তোলে তেন্তে তেওঁ আন যিকোনো মতাদৰ্শৰ চৰকাৰৰ বাবে বাধা হৈ পৰিব আৰু এনেকৈ গণতন্ত্ৰলৈ বিপদ নামি আহিব।"