Printer-friendly version

অনলাইন প্ৰতিবেদনঃ প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ কৰাৰ অন্তত আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় বৰ্ষ। বিগত বৰ্ষৰ ৩০ মে’ত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোদী এতিয়া উক্ত পদৱীত ৬ বছৰীয়া অভিজ্ঞতাৰে পৰিপূৰ্ণ। ৬টা বছৰৰ অন্তত ভাৰতীয় ৰাজনীতিত বৰ্তমানো অপৰাজেয় হৈ ৰৈছে মোদী। 

মোদীৰ দ্বিতীয়টো কাৰ্যকালত বিৰোধী কংগ্ৰেছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিজেপিক ৰুধিবলৈ সমৰ্থ হ’লেও তেওঁৰ তুলনাত বিপক্ষক এতিয়াও তেনেই নিষ্প্ৰভ আৰু দুৰ্বল হিচাপে অভিহিত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। এই ৰাজ্য দুখনত পৰোক্ষভাৱে বিজেপিক প্ৰতিহত কৰিবলৈ সমৰ্থ হ’লেও মধ্যপ্ৰদেশত ক্ষমতা ধৰি ৰখাত ব্যৰ্থ হয় কংগ্ৰেছ।

অচ্ছে দিনৰ পিছত আত্মনিৰ্ভৰতাৰ শ্ল’গান

২০১৪ চনত 'অচ্ছে দিন’ৰ শ্ল’গান আওৰাই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’বলৈ সমৰ্থ হৈছিল নৰেন্দ্ৰ মোদী। জনতাৰ বাবে 'অচ্ছে দিন’ আহিল নে নাই সেয়া আন এক বিষয় যদিও একে ভংগীমাৰে নিজৰ শক্তি অটুট ৰাখিবলৈ ৬ বছৰ পিছত তেওঁ দেশবাসীৰ বাবে লৈ আহিছে আন এক শ্ল’গান। এই নতুন শ্ল’গান হৈছে আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গান।

কৰ’নাৰ সংকট কালত একাংশ লোকে মোদীক সমালোচনা কৰিলেও আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গানৰ জৰিয়তে সেই সমালোচনাক একপ্ৰকাৰ নস্যাৎ কৰিবলৈ সমৰ্থ হৈছে প্ৰধানমন্ত্ৰীগৰাকী। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে এনে নিত্য নতুন শ্ল’গানৰ জৰিয়তে দেশবাসীক একপ্ৰকাৰ মোহাবিষ্ট কৰি ৰখাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে মোদীয়ে।

'মোদীক এতিয়াও এগৰাকী শক্তিশালী আৰু জনপ্ৰিয় নেতা হিচাপে গণ্য কৰিবলৈ সকলো বাধ্য। সাধাৰণ মানুহৰ মাজত তেওঁক লৈ এনে এক ধাৰণা গঢ় লৈ উঠিছে যে কঠিন সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত মোদীতকৈ আৰু কোনো ভাল হ’ব নোৱাৰে। যি পথেৰে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে সেই পথ ক’লৈ গৈছে আৰু তাৰ পৰিণাম কি হ’ব সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰাকৈয়ে অগ্ৰসৰ হ’লেও সেই কথা দেশবাসীক জানিবলৈ নিদিয়ে মোদীয়ে। সেয়ে সকলোৰে দৃষ্টিত তেওঁক সহজতে সাহসী হৈ পৰে।’-এইদৰে কয় দেশৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক শেখৰ আয়াৰে।

কথা দি কথা ৰখা কঠোৰ মোদী

জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰৰ জৰিয়তে দেশবাসীক প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে কঠোৰতকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তেওঁৰ চৰকাৰে কোনো কাৰণতে পিছ হুহকি নৰয়। এই সিদ্ধান্তই দেশৰ বিজেপি সমৰ্থকসকলৰ লগতে যোৱা ৬ টা বছৰত গঢ় লৈ নতুন ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী লোকসকলৰ মনতো এক নতুন আশা জগাই তোলে।

অৱশ্যে ধাৰা ৩৭০ প্ৰত্যাহাৰ সত্বেও আশা কৰা ধৰণে বিজেপিয়ে পৰৱৰ্তী নিৰ্বাচনসমূহত ভাল ফল দেখুওৱাত ব্যৰ্থ হয়। একেদৰে জম্মু-কাশ্মীৰৰ পৰাও দাবী কৰা ধৰণে সন্ত্ৰাসবাদী কাৰ্যকলাপ নাইকিয়া হোৱা পৰিলক্ষিত নহ’ল। সেয়া হ’লেও ইয়াৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত থকা কঠোৰতা স্পষ্ট কৰি তোলাত ১০০ শতাংশ সফলতা অৰ্জন কৰে মোদীয়ে।

ধাৰা ৩৭০ৰ পিছতে মোদীয়ে তিনি তালাকক লৈ দিয়া প্ৰতিশ্ৰুতি পূৰণৰ চেষ্টা চলায়। তিনি তালাকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি তেওঁ মুছলমান মহিলাসকলৰ সমৰ্থন আদায় কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পিছতে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কক আইনৰ ৰূপ প্ৰদান কৰে। ৰাম মন্দিৰ আৰু বাবৰি মছজিদক লৈ দীৰ্ঘদিন ধৰি চলি অহা বিবাদক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানো জনতাৰ মাজত মোদী আৰু অধিক জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হোৱাত সহায়ক হৈ পৰিছে বুলিও মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বছৰত মোদী চৰকাৰে গ্ৰহণ কৰা আন এক কঠোৰ সিদ্ধান্ত হৈছে আনল’ফুল এক্টিভিটিজ (প্ৰিভেনশ্যন) এক্টৰ সংশোধন। ইয়াৰ জৰিয়তে তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যে অত্যন্ত কঠোৰ তেনধৰণৰ এখন ছবি দাঙি ধৰে। আইনখনৰ সংশোধনৰ ফলত সংগঠনৰ লগতে ব্যক্তি বিশেষকো চৰকাৰে সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ ক্ষমতা লাভ কৰিবলৈ সমৰ্থ হয়।

বিৰোধলৈ কেৰেপ নকৰা মোদী 

ছ’চিয়েল মিডিয়াত বিজেপিৰ সমৰ্থকসকলে প্ৰায়েই দাবী কৰি আহিছিল যে বিৰোধী দলসমূহে যিমানেই ধৰ্মনিৰপেক্ষতাৰ কথা নকওক কিয় প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালতহে দেশত সাম্প্ৰদায়িক হিংসাৰ দৰে ঘটনা সংঘটিত হোৱা নাই। কিন্তু ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে সমৰ্থকসকলৰ উক্ত দাবীক অনাগত দিনৰ বাবে অৰ্থহীন কৰি তুলি দিল্লীত সংঘটিত হয় ভয়াৱহ সাম্প্ৰদায়িক হিংসা। 

এই সাম্প্ৰদায়িক হিংসাত ৫০ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে শতাধিক লোক আহত হয়। ইয়াৰ পূৰ্বেও মোদীৰ প্ৰথমটো কাৰ্যকালত দাদ্ৰি হত্যাকাণ্ডৰ দৰে একাধিক সাম্প্ৰদায়িক হিংসা সদৃশ ঘটনা সংঘটিত হৈছিল যদিও বিজেপিয়ে তেনে ঘটনাসমূহক একপ্ৰকাৰ এৰাই চলিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছিল।

এনআৰচি আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ মোদীয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে দেশৰ একাংশ লোকৰ অধিক আস্থাভাজন হৈ পৰাৰ বিপৰীতে আন একাংশ লোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ উকমুকনি ঘটে অসমত। ইয়াৰ পিছতে বিভিন্ন ৰাজ্যৰ লগতে ৰাজধানী নতুন দিল্লীতো সেই বিদ্ৰোহে ধাৰণ কৰে ভয়াৱহ ৰূপ।  

ঝাৰখণ্ড আৰু দিল্লীৰ বিধানসভা নিৰ্বাচনত মোদীৰ নেতৃত্বত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰে যদিও শোচনীয়ভাৱে পৰাজয় বৰণ কৰে। সমান্তৰালভাৱে মহাৰাষ্ট্ৰতো দীৰ্ঘদিনীয়া ৰাজনৈতিক মিত্ৰদল শিৱসেনাৰ সৈতে মুখ্যমন্ত্ৰী পদক লৈ সংঘাতৰ সূত্ৰপাত হয়। উক্ত সংঘাতৰ পৰিণতিস্বৰূপে ৰাজ্যখনত শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিলি গঠন কৰে বিজেপি বিৰোধী চৰকাৰ।

এনেধৰণৰ একাধিক ৰাজনৈতিক উত্থান-পতনৰ মাজতে পোহৰলৈ আহে জিডিপি হ্ৰাস পোৱাৰ খবৰ। ফলত মোদীনমকিছকলৈ ভিন্ন মহলত প্ৰশ্ন উত্থাপিত হয়। বিৰোধী দলসমূহে দেশত দেখা দিয়া আৰ্থিক দুৰৱস্থাৰ বাবে মোদী চৰকাৰে গ্ৰহণ কৰা ভুল আৰ্থিক নীতিসমূহকেই জগৰীয়া কৰে। আৰ্থিক নীতিক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে কৰ’নাক ভেটা দিবলৈ ঘোষণা কৰা লকডাউনৰ নীতি-নিয়মক লৈও বিতৰ্কৰ আৱৰ্তত সোমাই পৰে চৰকাৰ। 

কৰ’না সংকট আৰু প্ৰবাসী শ্ৰমিকৰ দুৰৱস্থা

লকডাউন সত্বেও দেশত কৰ’নাৰ সংক্ৰমণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অৱশ্যে সময়মতে লকডাউন ঘোষণা কৰাৰ ফলত এই ভাইৰাছবিধে ভাৰতত আৰু অধিক জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিছে বুলিও মন্তব্য কৰিছে বিশেষজ্ঞসকলে। সময়মতে লকডাউন ঘোষণা কৰা বুলি মন্তব্য কৰিলেও সেয়া পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে নকৰা বাবেই প্ৰবাসী শ্ৰমিকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও বিশেষজ্ঞসকলে দাবী কৰিছে।

মাত্ৰ ৪ ঘণ্টা সময় দি লকডাউন ঘোষণা কৰাত লাখ লাখ শ্ৰমিক দিল্লীকে আদি কৰি দেশৰ প্ৰধান মহানগৰসমূহত লঘোণে-ভোকে আৱদ্ধ হৈ পৰে। কাম আৰু আশ্ৰয়স্থল হেৰুৱাই খোজকাঢ়ি অথবা চাইকেলেৰে ঘৰমুৱা হোৱাৰ ফলত কেবাজনো শ্ৰমিকে আধাবাটতে কৰুণ মৃত্যুক সাবতি লয়। ইয়াৰ মাজতে মোদী চৰকাৰে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰে যদিও সেয়া কেৱল একপ্ৰকাৰৰ ঋণমেলাৰ বাদে আন একো নহয় বুলি পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰে।

আশাত বন্দী ৰাহুল গান্ধী

বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে সমগ্ৰ দেশত একপ্ৰকাৰ নেতিবাচক ধাৰণা সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে বুলি উপলব্ধি কৰিলেও ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ ভুল নীতিসমূহক লৈয়েই নিজকে ব্যস্ত ৰখা দেখা গৈছে। কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাত মোদী চৰকাৰ সিদ্ধহস্ত হ’লেও সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত মোদী চৰকাৰ সিদ্ধহস্ত নহয় বুলি বিশ্বাস কৰা ৰাহুল গান্ধীয়ে উক্ত দিশটোক লৈয়েই আক্ৰমণাত্মক হৈ আহিছে। 

সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণৰ দৰেকৈ পৰিপক্কতা দেখুওৱাত ব্যৰ্থ হ’লেও উক্ত সমস্যাসমূহ ৰাজনৈতিক সমস্যা নোহোৱাত ৰাহুল গান্ধীৰ তেনে আক্ৰমণ প্ৰায়েই মূল্যাহীন হৈ পৰিছে। ভাৰতীয় ৰাজনীতিক মোদীয়ে প্ৰচাৰমুখিতাৰে এক নতুন মাত্ৰা প্ৰদান কৰাৰ পিছত দেশৰ সমস্যাসমূহতকৈ ৰাজনৈতিক সমস্যাসমূহেহে অধিক প্ৰাধান্য লাভ কৰিবলৈ আৰম্ভ কৰিছে।

ফলত একাধিক ৰাজনৈতিক সমস্যাৰ সন্মুখীন হৈ পৰা কংগ্ৰেছ তথা আন বিৰোধী শিবিৰ মোদীৰ সমুখত তেনেই নিষ্প্ৰভ আৰু অসহায় হৈ পৰিবলৈ বাধ্য হৈছে। আৰ্থিক সমস্যা সমাধানাৰ ক্ষেত্ৰত মোদী চৰকাৰ যোৱা ৬ বছৰত সময়ে সময়ে সম্পূৰ্ণ অসহায় হৈ পৰিলেও ৰাজনৈতিক দুৰ্বলতাৰ বাবে তেনে অসহায় অৱস্থাৰ সুযোগ গ্ৰহণত ব্যৰ্থ হৈছে ৰাহুল গান্ধী। 

তৎসত্বেও মোদী চৰকাৰৰ আৰ্থিক বিফলতা আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত দেখুওৱা অপৰিপক্কতাৰ ওপৰত ভিত্তি কৰিয়েই আক্ৰমণ কৰাৰ সিদ্ধান্তত অটল হৈ আছে ৰাহুল গান্ধী। লকডাউনৰ সময়ছোৱাতো এই বিষয়সমূহক লৈয়েই সৰৱ থকা দেখা গৈছে কংগ্ৰেছ নেতাজনক। অনলাইন সংবাদমেলসমূহতো তেওঁ উক্ত বিষয়সমূহকেই উত্থাপন কৰি আহিছে। কিন্তু ইয়াৰ পৰিৱৰ্তে নিত্য নতুন চমকৰে আৰ্থিক বিফলতা আৰু সমস্যা সমাধানৰ অপৰিপক্কতাক ঢাকি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অৰবিন্দ কেজৰিৱালৰ নতুন ৰণনীতি

যি ৰণনীতিৰে নৰেন্দ্ৰ মোদীয়ে ২০১৩ চনত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পৰা গৈ নিজকে এজন ৰাষ্ট্ৰীয় স্তৰৰ নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ উঠি-পৰি লাগিছিল ঠিক তেনেধৰণৰ কৌশল হাতত লৈছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ সৰ্বেসৰ্বা অৰবিন্দ কেজৰিৱালে। সেয়ে কৰ’না কালতো দিল্লীক লৈ নিকা ভাৱমূৰ্তি তৈয়াৰত ব্যস্ত হৈ পৰিছে আপ নেতাজন। 

মোদীয়ে গুজৰাট মডেলৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজনীতিত খোপনি পোতাৰ দৰে কেজৰিৱালে সমগ্ৰ দেশতে দিল্লী মডেল তথা আপ মডেল প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কৰ’না কালতো দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সহযোগী মনীষ ছিছ’ডিয়াৰ সৈতে আয়োজন কৰিছে এখনৰ পিছত এখন সংবাদ মেল। এই সংবাদমেলত দিল্লী চৰকাৰে কিমান দক্ষতাৰে কৰ’নাৰ বিৰুদ্ধে যুঁজ দিছে সেয়া বাৰম্বাৰ দেশবাসীৰ সমুখত দাঙি ধৰাৰ প্ৰয়াস কৰিছে কেজৰিৱালে।

'খুব কৌশলেৰে কেজৰিৱালে নিজকে মোদীৰ বিকল্প হিচাপে গঢ় দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰম্ভণিতে কেৱল মোদীক সমালোচনা কৰি থকা কেজৰিৱালে এতিয়া মোদীক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে তেওঁ মোদী সমৰ্থকসকলক একপ্ৰকাৰ বিভ্ৰান্ত কৰাৰ পৰিকল্পনা কৰিছে। লগতে কেজৰিৱালে লাহে লাহে দিল্লী মডেল দেশৰ সমুখত দাঙি ধৰিব বিচাৰিছে। ক’ৰনা কালতো তেওঁ নিজকে দেশৰ বাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীতকৈ যে পৃথক সেয়া দেশবাসীক জনোৱাৰ চেষ্টাত ব্ৰতী হৈ পৰিছে।’-ৰাজনৈতিক বিশ্লেষক নিখিল ৰামপালৰ মন্তব্য।

সি যি নহওক, ২০১৯ চনৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে ২০২২ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে ৭৫ টা মাইলষ্ট’নৰ বিষয়ে সদৰী কৰিছিল। সেই মাইলষ্ট’ন সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ হাতত আছে আৰু মাত্ৰ ডেৰ বছৰ। কৰ’নাৰ সংকট কালক অতিক্ৰমি যদিহে মোদী চৰকাৰে সেয়া কৰি দেখুৱাব পাৰে তেন্তে ২০২৪ চনৰ পিছতো মোদী অপৰাজেয় হৈ থকাতো নিশ্চিত বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশেষজ্ঞসকলে।