newsnextone.com।ডিজিটেল ডেস্কঃ মোদীৰ হত্যাৰ চক্ৰান্ত বাতৰিয়ে সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাওবাদীৰ লগত সন্মলিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যা কৰাৰ চক্ৰান্ত কৰে বামপন্থীৰ বিচাৰকসকলে। যোৱা মঙলবাৰে চক্ৰান্ত কৰা বামপন্থীৰ মুঠ পাঁচজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সুৰক্ষা অধিকাৰী সকলৰ হাতত এনেধৰণৰ চিঠি আছে য’ত মাওবাদী নেতাই কেইবাজনো মন্ত্ৰীক হত্যা কৰাৰ চক্ৰান্তৰ বিষয়ে উল্লেখ আছে। জানিব পৰা মতে প্ৰধানমন্ত্ৰীৰ পৰা অমিত শ্বাহ আৰু ৰাজনাথ সিংহক হত্যা কৰাৰ যোজনা চলায় আছে মাওবাদীসকলে।

২০১৬ চনত উদ্ধাৰ কৰা চিঠিখনত মোদী, অমিত শ্বাহ আৰু ৰাজনাথ সিংহক হত্যা কৰাৰ বিচাৰৰ বিষয়ে উল্লেখ আছে বুলি জানিব পৰা গৈছে। আনহাতে ২০১৭ চনৰ চিঠিখনত ৰাজীৱ গান্ধীৰ হত্যা কৰাৰ একে পদ্ধতিৰে মোদীক মাৰিবলৈ বিচাৰ কৰা বিষয়ে লিখা আছে বুলি সুৰক্ষা অধিকাৰী সকলে জানিবলৈ দিয়ে৷ 

উল্লখযোগ্য যে প্ৰথমখন চিঠিত এপ্ৰিল মাহৰ মহাৰাষ্ট্ৰৰ গড়চিৰৌলীত প্ৰৱেশ কৰা নক্সাল অপৰেচনৰ সময়ছোৱাত উদ্ধাৰ কৰা হৈছিল৷ য’ত ৩৯ জনকৈ মাওবাদীক হত্যা কৰা হৈছিল৷ আৰ নামৰ এজন লোকে এই চিঠিখন লিখিছিল। ৰাজীৱ গান্ধীক হত্যা কৰাৰ দৰে একে হত্যা কৰা হব বুলি এই লোকজনেই উল্লেখ কৰিছিল৷ গুৰুত্বপূৰ্ণ বিষয় যে এই চিঠিখনত এনডিএ চৰকাৰক শেষ কৰি চিনিয়ৰ কামৰেডী ফালৰ পৰা পদক্ষেপ লোৱাৰ বিষয়েও উল্লেখ আছে৷ লগতে আঠ কোটি টকাৰ প্ৰয়োজনৰ কথাও লিখা আছিল চিঠিত৷ এম-৪ ৰায়ফল আৰু চাৰি লাখ গুলী ক্ৰয় কৰাৰ লগতে বৰবৰ ৰাওৰ নামো উল্লেখ আছে৷ 

দ্বিতীয়খন চিঠিত কমৰেড প্ৰকাশক সম্বোধন কৰি কোৱা হৈছে৷ এইখন চিঠি ৬ জুনত দিল্লীৰ ৰোনা বিলচনৰ গৃহত আৰক্ষীয়ে উদ্ধাৰ কৰে৷ এই বছৰৰে জুন মাহত আৰক্ষীয়ে পুনেৰ এটা ঘৰত পাচঁজনকৈ লোকক ভীমা কৌৰেগাও হিংসাৰ বিষয়ত আতক কৰিছিল৷ ইয়াৰ ভিতৰত ৱিলচনৰ নামো উল্লেখ আছিল৷ য’ত মোদীৰ হত্যাৰ বাবে যোজনা প্ৰস্ত্তত কৰিবলৈ লোৱা মুম্বাইৰ অৰুণ ফৰেৰ, ছুজন অব্ৰাহম আৰু বৰ্ণন গুনজালৱিজ, দিল্লীৰ গৌতম নৱলখা,গুৱাৰ আনন্দ টেলটুৱন্দেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আনহাতে হায়দাৰাবাদৰ বৰবৰা ৰাওৰ পুত্ৰী অনালা আৰু সাংবাদিক কুমাৰনাথৰ ঘৰতো আৰক্ষীয়ে তালাচী চলাই কম্পিউটাৰ, লেপট’প, চিডিৰ লগতে পেপাৰ আৰু কিতাপ জব্দ কৰে ৷