ডিজিটেল ডেস্কঃ ছয় দিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাৰিখন দেশৰ ভ্ৰমণৰ বাবে আজি ৰাওনা হৈছে। জাৰ্মনী, স্পেইন, ৰাছিয়া আৰু ফ্ৰান্স- এই চাৰিখন দেশত ভ্ৰমণ কৰিবলগীয়া মোদীয়ে বিভিন্ন কাৰ্যসূচীত ভাগ ল’ব।

এই যাত্ৰাত ভাৰতৰ অৰ্থনৈতিক দিশটোৰ ক্ষেত্ৰত বিশেষ উদ্দেশ্য সাধনৰ বাবে বিনিয়োগ সম্পৰ্কীয় আলোচনাতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ভাৰতৰ সৈতে উক্ত ৰাষ্ট্ৰকেইখনৰ অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে এই ভ্ৰমণ কাৰ্যসূচী হাতত লোৱা বুলি মোদীয়ে শনিবাৰে সদৰী কৰিছিল। 

মোদীৰ প্ৰথম ষ্টপেজ জাৰ্মানীঃ

মোদীৰ গুৰুত্বপূৰ্ণ যাত্ৰাৰ প্ৰথমটো ষ্টপেজ হৈছে জাৰ্মানী। জাৰ্মান চেন্সেলৰ এঞ্জেলা মাৰ্কেলৰ সৈতে ভাৰত-জাৰ্মানী ইণ্টাৰগভৰ্মেণ্টেল কনজালটেশ্যনচ চমুকৈ আইচিজিৰ পৰিকাঠামো নিৰ্মাণৰ বাবে আলোচনাত বহিব মোদী। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ফ্ৰাংক-ৱাল্টাৰ ষ্টেইনমেয়াৰকো সাক্ষাত কৰিব মোদীয়ে। 

তাৰে পিছতে স্পেইনঃ

জাৰ্মানীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে মোদী মঙলবাৰে ৰাওনা হ’ব স্পেইনলৈ। তিনিটা দশকৰ মুৰত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্পেইন সাক্ষাত কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। স্পেইনত অৰ্থনৈতিক দিশৰ আলোচনাৰ লগতে সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰাৰ নীতি সম্পৰ্কত আলোচনাত বহিব মোদী। ভাৰতৰ আন্তঃগাঁথনি, স্মাৰ্ট চিটি, ডিজিটেল অৰ্থনীতি, নৱীকৰণযোগ্য শক্তি, প্ৰতিৰক্ষা আৰু পৰ্যটন আদি বিভিন্ন খণ্ডত স্পেইনৰ বিনিয়োগ সংক্ৰান্ত চুক্তিত স্বাক্ষৰ কৰাৰ বাবেও সাজু থাকিব ভাৰত। 

ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনঃ

স্পেইনৰ পিছতে ৩১ মে’ৰপৰা ২ জুনলৈ অষ্টাদশ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত ভাগ ল’ব মোদীয়ে। তাৎপৰ্যৰ কথা যে ২ জুনত পিটাছবাৰ্গ ইণ্টাৰনেশ্যনেল ইকনমিক ফ’ৰামত আলহী দেশ হিচাপে ভাৰতে প্ৰতিনিধিত্ব কৰিব। ৰাষ্ট্ৰপতি পুটিনৰ সৈতে একেলগে এই সন্মিলন সম্বোধন কৰিব মোদীয়ে। 

ফ্ৰান্সৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ইমানুৱেল মাঁক্ৰনক সাক্ষাত

ইয়াৰ পিছতে মোদীয়ে ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰখনত অধিক বিনিয়োগ কৰাৰ বাবে মাঁক্ৰনক প্ৰস্তাৱ আগবঢ়াব। ২ ৰপৰা ৩ জুনলৈ মোদী ফ্ৰান্সত থাকিব। উল্লেখ্য যে ভাৰতত বিনিয়োগৰ ফালৰপৰা ৯ম স্থানত আছে ফ্ৰান্স।