newsnextone.com | ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষাকালীন অধিবেশন বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে৷ ১৮ দিন চলিবলগীয়া অধিবেশনত তিনি তালাক, পিছপৰা শ্ৰেণীৰ আয়োগৰ সাংবিধানিক মৰ্যদা দিয়াকে ধৰি কেইবা খনো বিধেয়ক চৰকাৰে উত্থাপন কৰিব পাৰে৷ 

 

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদলৈ আহি মিডিয়াৰ মুখামুখী হয়৷ মোডীয়ে কয় যে চৰকাৰ প্ৰতিটো বিষয় আলোচনা কৰিবলৈ সাজু আছে৷ দেশৰ হিতৰ বাবে সকলো চৰ্চা কৰিবলৈ ৰাজনৈতিক দল সমূহক আহ্বানো জনাই মোডীয়ে৷ দেশে বিচৰা বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব৷ আমি ভাবো সকলো সদস্যই পৰামৰ্শ আগবঢ়াব৷