গুৱাহাটীঃ অসমক ধন্যবাদ এই ইভেন্টৰ বাবে। গুৱাহাটী উন্নত হৈছে এখন স্মাৰ্ট চিটিৰ দৰে৷ মই অসমৰ জনতাক ধন্যবাদ জনাইছো ডাঙৰ ইভেন্ট অনুষ্ঠিত কৰাৰ বাবে৷ বিশেষকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডাঙৰ ইভেন্ট অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ৷

বিশ্বমানৰ বিমান বন্দৰ হ’ব গুৱাহাটীতঃ শক্তি বিভাগে কমেও ১০,০০০ কোটি টকা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ সূচনা কৰিব৷ গুৱাহাটী বিশ্বমানৰ বিমান বন্দৰ হ’ব৷ য’ৰ পৰা অসমে অন্য ঠাইলৈ যোগাযোগ কৰিব পাৰিব৷

নতুন ১৪ টা ৰেল লাইনঃ উত্তৰ-পূৰ্বাঞ্চলত যোৱা ৩ বছৰত চৰকাৰে কমেও ৫০০০ কোটি টকা খৰচ কৰিছে ৰেলৰ উন্নয়নৰ বাবে৷ ১৫টা নতুন ৰেল পথ নিৰ্মাণৰ বাবে চৰকাৰে হাতত লৈছে৷ ত্ৰিপুৰা আৰু বাংলাদেশৰ সৈতে সংযোগ আৰু ৰেলৰ উন্নয়ন কৰা হ’ব৷

ব্যৱসায়ত অসমৰ ৰেংকিংঃ মই সুখী হৈছো যে উত্তৰ পূৰ্বাঞ্চলত অসমে 'ইজ অব ডুয়িং বিজনেচ’ অৰ্থাত ব্যৱসায়িক সুচলতাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে৷

১২ শতাংশ ইপিএফঃ তিনি বছৰৰ বাবে নতুন কৰ্মচাৰীক ১২ শতাংশ ইপিএফ দিব৷ সকলো বিভাগৰ কৰ্মচাৰীক প্ৰদান কৰা হ’ব৷ 

লঘু উদ্যোগক চৰকাৰৰ গুৰুত্বঃ বাজেটত এমএছএমইক বৃহৎ ৰেহাই দিয়া হৈছে৷ কোম্পানীক আয়কৰ ২৫ শতাংশ সৰ্বমুঠ ২৫০ কোটি ৰেহাই দিয়া হৈছে যাৰ দ্বাৰা লাভ হ’ব ৯৯ শতাংশ কোম্পানীৰ৷ 

ধলা-শদিয়া দলংঃ আমি কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ ফলত ধলা-শদিয়াৰ দলঙৰ কাম সময়ত সম্পূৰ্ণ কৰিব পাৰিছো৷ আমি শাসনত নাথাকিলে নিৰ্মাণ কাৰ্য লেহেমীয়া হ’লহেঁতেন৷

৫১ লাখ নতুন ঘৰঃ গৃহ নিৰ্মাণ আঁচনিৰ জৰিয়তে যোৱা তিনি  বছৰত কমেও এক কোটি ঘৰ দিছো৷ আমি নতুন বাজেটত ঘোষণা কৰা মতে ৫১ লাখ নতুন গৃহ দিম৷

উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ উদ্যোগঃ কেন্দ্ৰীয় বাজেট-২০১৮ত উত্তৰ-পূৰ্বাঞ্চলৰ বেম্বু মিচন সফল কৰাৰ বাবে ১২৯০ কোটি টকা ধাৰ্য কৰা হৈছে৷

জনসাধাৰণৰ কল্যাণৰ বাবে কামঃ আমি সমান্তৰালভাৱে স্থলপথ, ৰেলপথ দ্ৰুত গতিত উন্নয়ন আৰু বিদ্যুৎ উৎপন্ন কৰাৰ বাবে চৰকাৰে কাম কৰিছে৷ চৰকাৰে দৰিদ্ৰ আৰু মধ্যবিত্তৰ অসুবিধা দূৰ কৰাৰ বাবে কাম কৰিছে৷