newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জম্মু কাশ্মীৰত কেইবাটাও মুকলি কৰে৷ শ্ৰীনগৰত ৩৩০ মেগাৱাট কিষাণগংগা বিদ্যুৎ পৰিযোজনাৰ মুকলি কৰে৷ শ্ৰীনগৰস্থিত শ্বেৰ-ই-এ কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশ লয় আৰু শ্ৰীনগৰৰ ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰে৷ 

কাশ্মীৰ ভ্ৰমণ কৰি শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় কাশ্মীৰৰ যুৱকক উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মত পোষণ কৰে৷ বিপথে পৰিচালিত যুৱকে শিলাবৰ্ষণ আৰু অস্ত্ৰ তুলি লোৱাৰ ফলত কাশ্মীৰ আৰু দেশ অস্থিৰ হৈ পৰা বুলি কয়৷ ইমানে নহয় ৰাজ্যৰ লোকক অস্থিৰতাৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়৷

কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰত ৰমজান মাহত সেনাৰ অভিযান বন্ধ ৰখাৰ সিদ্ধান্ত লোৱাৰ পিছতে কাশ্মীৰ ভ্ৰমণ কৰি ৰাজ্যখনত বিদেশী শক্তি সক্ৰিয় বুলি কয়৷ যি শক্তিয়ে ৰাজ্য খনৰ উন্নয়ন নিবিচাৰে বুলি কয়৷

বিপথে পৰিচালিত কাশ্মীৰৰ যুৱকৰ প্ৰতিটো শিল আৰু অস্ত্ৰ তেওঁলোকৰ নিজৰ আপোন কাশ্মীৰ খনকেই অস্থিৰ কৰিব বুলি কয়৷ ৰাজ্যখন এই অস্থিৰ পৰিৱেশৰ পৰা বাহিৰলৈ ওলাই আহিব লাগে৷ যুৱকসকলে আহি থকা প্ৰজন্মৰ স্বাৰ্থত ভৱিষ্যতৰ বাবে কাশ্মীৰৰ উন্নয়ন দেশৰ মুল লক্ষ্যৰ সৈতে সংযোগ কৰিবলৈ আহ্বান জনায় মোডীয়ে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত বিকাশৰ মন্ত্ৰ, সমস্যা সমাধানৰ নীতি, ইচ্ছা আৰু নিৰ্ণয় কৰিব পৰা ক্ষমতা আছে বুলিও কয়৷

মোডীয়ে কয় ‘মই সকলোকে আহ্বান জনাইছো, ৰাজ্যৰ উন্নয়নৰ দ্ৰুত গতিৰ সৈতে সহযোগ কৰক৷ সকলোৰে উদ্দেশ্য বিকাশ, বিকাশ আৰু বিকাশ হ’ব লাগে৷’ ৪২.১ কিঃ মিঃ দীৰ্ঘৰ পশ্চিম শ্ৰীনগৰ সংযোগী চাৰিলেন যুক্ত পথৰ কামৰ আৰম্ভণি কৰে৷ মোডীয়ে কয় যাতায়াত, সুৰক্ষাৰ ক্ষেত্ৰত সুবিধাজনক হ’ব এই পথ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা এনে এটা বছৰ নাই যিটো বছৰত মই ৰাজ্য খনলৈ অহা নাই৷ ৰমজান মাহৰ কথা উল্লেখ কৰি কয় যে এই মাহ পয়গম্বৰ মহম্মদৰ শিক্ষা আৰু বাৰ্তাক মনত পেলোৱা হয়৷ তেওঁৰ জীৱন, একতাৰ বাণী আৰু ভাতৃত্ববোধক আগুৱাই লৈ যাব পাৰিম৷

এই আঁচনিৰ আৰম্ভ এক সুখৰ সংযোগ হোৱাৰ সময়ত কৰা হৈছে৷ কিয়নো এইটো ৰমজানৰ মাহ৷ এই আঁচনিয়ে বিনামূলীয়া বিদ্যুৎ দিবলৈ আৰম্ভ কৰিব৷ ৰাজ্যৰ বাবে প্ৰয়োজনীয় বিদ্যুৎ দেশৰ আন প্ৰান্তৰ পৰা আনিব লগা হয়৷ এই আঁচনিয়ে ৰাজ্যৰ বিদ্যুতৰ সমস্যা দূৰ কৰিব৷ 

দেশৰ প্ৰতিঘৰ মানুহক বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হৈছে৷ জম্মু কাশ্মীৰৰ উন্নয়ন পৰ্যটনৰ দ্বাৰা হয় যদিও পুৰণিকলীয়া পদ্ধতিৰে পৰ্যটন ব্যৱস্থা চলি আছে৷ পৰ্যটকে সুবিধা বিচাৰে৷ সাধাৰণ পথত পৰ্যটকে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিব নিবিচাৰে৷ বিদ্যুৎ বিচাৰে পৰ্যটকে৷ বিমানৰ ভাল সুবিধা বিচাৰে৷ পৰ্যটকে আধুনিক সুবিধা বিচাৰে৷ মোডীয়ে কয় যে আধুনিক পৰ্যটন ব্যৱস্থাৰ বাবে কাম কৰি থকা হৈছে৷ যাৰ দ্বাৰা যুৱসকলে সংস্থাপন পাব৷