newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰে লোকসভাত বিৰোধী দলৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ অন্তত আৰু ভোটদান অনুষ্ঠিত হ’ব৷ ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা দুয়ো সদনৰ বৰ্ষাকালীন অধিবেশনত বিৰোধী দলে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল৷ ইতিমধ্যে বিৰোধী দলৰ নেতা আৰু শাসকীয় দলৰ নেতাই লোকসভাত নিজ নিজ মন্তব্য দাঙি ধৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে অনাস্থা সন্দৰ্ভত বিৰোধীৰ ভাষণৰ অন্তত ভাষণ প্ৰদান কৰে৷ 

মোডীয়ে বিৰোধী দলক তীব্ৰ আক্ৰমণ কৰি কয় যে আমি আজি নিজ নিজ কথা কবলৈ সুবিধা পাইছোঁ৷ এয়াও চাব লাগিব দেশৰ একাংশ লোকে কেনেদৰে বিয়োগাত্মক ৰাজনীতি কৰি ঘেৰি ৰাখিব বিচাৰে৷ কেনেদৰে উন্নয়ন প্ৰতি বিৰোধী কৰে৷ কিন্তু মোৰ মোৰ আজি মন প্ৰসন্ন হৈছে৷ অনাস্থা প্ৰস্তাৱ কিয় অনা হ’ল৷ নে তেওঁলোকৰ সংখ্যা আছে নে সংখ্যাগৰিষ্ঠতা আছে তাৰ পিছতোঁ সদনত প্ৰস্তাৱ কিয় অনা হ’ল৷

প্ৰধানমন্ত্ৰীৰ ভাষণৰ মাজতে এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ লোকসভাৰ অধ্যক্ষই হস্তক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়৷ মোডীয়ে তাৰ পিছতে ৰাহুল গান্ধীক আক্ৰমণ কৰি যাৰ লোকসভালৈ অহাৰ (প্ৰধানমন্ত্ৰী হ’ব বাবে) উৎসাহ আছে তেওঁলোক উঠাে উঠাে উঠাে বুলি কয়৷ ইয়াত কোনেও উঠাব নোৱাৰে বুলি কয়৷ কেৱল ২৫০ কোটি ভাৰতীয়াইহে এই কৰাম কৰিব পাৰিব৷ এয়া ফ্লৰ টেষ্ট নহয় ফৰ্চ টেষ্ট কংগ্ৰেছ মিত্ৰজোঁটৰ বুলিও কয় মোডীয়ে৷

দুপৰীয়া ৰাবহুল গান্ধীয়ে মোডীক আলিংগন কৰা কাৰ্য উভতি ধৰি মোডীয়ে ভাষণৰ মাজতে কয় যে পুৱাই ভোট হোৱা নাছিল বিতৰ্কও আৰম্ভ হৈছিল৷ মোক এগৰাকী সদস্য আহি কলে উঠো উ উঠা৷ ক্ষমতাৰ আহিব বাবে ইমান দৌৰ৷ মোক কি সেই সদস্য গৰাকীয়ে নিৰ্বাচিত কৰিছে৷

আমি ১৮ হাজাৰ গাঁৱত বিদ্যুতৰ সংযোগ দিছোঁ৷ যিসমূহ গাঁও এন্ধাৰত ডুব গৈ আছিল৷ যি সমূহ গাঁও উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম প্ৰান্তৰ আছিল৷ আমি গঢ়ীবৰ বাবে আয়ুষ্মান আনিছোঁ৷ দৰিদ্ৰৰ চিকিৎসাৰ বাবে৷ কংগ্ৰেছৰ নিৰ্বাচন ব্যৱস্থাৰ ওপৰত বিশ্বাস নাই৷ ন্যায় ব্যৱস্থা, আৰবিআই, ইণ্টাৰনেচনেল এজেন্সিৰ ওপৰত বিশ্বাস নাই৷

আজিকালি শিৱ ভক্তক কব লগা হৈছে৷ শিৱক প্ৰাৰ্থানা কৰি কম ২০২৪ চনতোঁ আপোনোলোকক অনাস্থা প্ৰস্তাৱ আনিবলৈ সাহস দিয়ক। কোনো গুৰুত্ব নথকা অভিযোগ ৰাফেল চুক্তি৷ দুখন দেশে বিবৃতি প্ৰকাশ কৰিছে৷ এয়া শিশুসুলভ ব্যৱহাৰ৷