বঢ়মপুৰঃ ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ সংস্কাৰ সাধনৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও একাংশ শিক্ষকৰ বাবে কাৰ্যসূচী সমূহ সফল ৰূপায়ণত বাধাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হয়৷ বিভিন্ন সময়ত একাংশ শিক্ষকে ধন ঘটাৰ ফাণ্ড পাতি বিভাগটোৰ কাম-কাজত বাধা হৈ থিয় দিয়াৰ অলেখ উদাহৰণ আছে৷ শেহতীয়াকৈ শিক্ষা বিভাগে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ লগতে নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া কৰে৷

কিন্তু ৰাজ্যৰ বহু শিক্ষকে ছাত্ৰৰ পৰা পাঠ্যপুথি প্ৰদানৰ লগতে নামভৰ্তিৰ বাবে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হয়৷ গ্ৰাম্য অঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা গ্ৰহণৰ বাবে চৰকাৰী স্কুল কেইখনই একমাত্ৰ ভৰষা যদিও এই সুযোগ গ্ৰহণ কৰি একাংশ শিক্ষকে ধন সংগ্ৰহ কৰাৰ সুবিধা লয়৷

বিভাগটোৱে বিনামূলীয়া শিক্ষা প্ৰদানৰ ঢাক-ঢোল বজাই আহিছে যদিও এই কথাত গুৰুত্ব আৰোপ নকৰি গ্ৰাম্য অঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানত এতিয়া খেল-ধেমালি তথা নামভৰ্তিৰ নামত ধন দিবলৈ বাধ্য হৈছে দৰিদ্ৰ পৰিয়ালৰ কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চামগুৰিৰ ২নং ভাটিয়াখালী এমই মাদ্ৰাছাতো নামভৰ্তি আৰু খেল-ধেমালিৰ নামত মুঠ পঞ্চাশ টকাকৈ বিদ্যালয়ৰ শিক্ষকে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ অহাত ক্ষোভিত হৈ পৰিছে ৰাইজ। মাদ্ৰাছা খনৰ প্ৰধান শিক্ষক ৰমজান আলীৰ বিৰুদ্ধে চৰকাৰী নীতি-নিৰ্দেশনাক উলংঘা কৰি নিজ ইচ্ছামতে ছাত্ৰ-ছাত্ৰীৰ পৰা অৰ্থ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

ইফালে মধ্যাহ্ন ভোজনৰ নামতো বিদ্যালয় খনত ব্যাপক খেলি-মেলি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হয়৷ মাদ্ৰাছা খনৰ একাংশ ছাত্ৰ-ছাত্ৰী, অভিভাৱকে উত্থাপন কৰা অভিযোগক সত্য বুলি স্পষ্ট কৰাৰ বিপৰীতে মাদ্ৰাছা খনৰ সহকাৰী শিক্ষক এগৰাকীয়ে ৰাইজৰ অভিযোগক স্বীকাৰ কৰি যদিও প্ৰধান শিক্ষক ৰমজান আলীৰ নিৰ্দেশত ছাত্ৰ-ছাত্ৰীৰ পৰা অৰ্থ সংগ্ৰহ কৰা বুলি কয়৷